ETV Bharat / state

Cleaning campaign in Amguri: নামতিত শিক্ষাৰ্থীয়ে চাফা কৰিলে পথৰ কাষৰ আবৰ্জনা

author img

By

Published : Oct 31, 2022, 9:12 AM IST

Cleaning campaign organized by Shaheed Peoli Phukon college
নামতিত একাংশ ছাত্ৰ ছাত্ৰীয়ে দৌৰি দৌৰি চাফা কৰিলে পথৰ কাষৰ আবৰ্জনা

আমগুৰিৰ নামতিত একাংশ শিক্ষাৰ্থীয়ে চাফা কৰিলে পথৰ কাষৰ আবৰ্জনা ৷ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত চলে এই চাফাই অভিযান (Shaheed Peoli Phukon college) ৷

আমগুৰি, 31 অক্টোবৰ: আমগুৰিৰ নামতিত দেখা এক ব্যতিক্ৰমী দৃশ্য ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে চাফা কৰিলে পথৰ কাষৰ আবৰ্জনা ৷ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত দেওবাৰে চলে এই চাফাই অভিযান (Shaheed Peoli Phukon college) ৷

ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ উদ্যোগত সমগ্ৰ দেশতে আৰম্ভ হোৱা স্বচ্ছতা অভিযানৰ অংশ হিচাপে মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা খৰিকটিয়া আলিহৈ ৰজাবাৰী ৰে’লৱে ক্ৰচিঙলৈ ৰূপায়ণ কৰে প্লগিং ৰাণ স্বচ্ছতা অভিযান ৷ এই কাৰ্যসূচীত ফিট ইণ্ডিয়াৰ অধীনত দৌৰি দৌৰি পথৰ কাষৰ আবৰ্জনা চাফা কৰে (Students running to clean up roadside garbage) শীক্ষাৰ্থীসকলে ৷ তাৰোপৰি যতে ততে প্লাষ্টিক, আবৰ্জনা আদি পেলাই পৰিৱেশ বিনষ্ট নকৰিবলৈ স্থানীয় ৰাইজক ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱকসকলে আহ্বান জনায় ৷

নামতিত একাংশ ছাত্ৰ ছাত্ৰীয়ে দৌৰি দৌৰি চাফা কৰিলে পথৰ কাষৰ আবৰ্জনা

উল্লেখ্য যে ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান হৈছে স্বচ্ছ ভাৰত অভিযান (Swachh Bharat Abhiyan) ৷ এই অভিযানৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জনসাধাৰণক সচেতন কৰি তোলা ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা এই উদ্দেশ্য আগত ৰাখি স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল । স্বচ্ছ ভাৰত অভিযান পূৰ্বৰ নিৰ্মল ভাৰত অভিযানৰেই অন্য এক ৰূপ । ২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰায়ে এই অভিযানৰ লক্ষ্য হিচাপে লোৱা হৈছে (Swachh Bharat Mission) ৷

স্বচ্ছ ভাৰত অভিযানৰ মূল উদ্দেশ্য হৈছে গ্ৰামীন এলেকাসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতাক প্ৰাধান্য দি জীৱন-যাপনৰ মানদণ্ড উন্নত কৰা, দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতা বঢ়াই এখন স্বচ্ছ ভাৰতৰ সপোন সাৰ্থক কৰা, সজাগতা সৃষ্টি আৰু স্বাস্থ্য-শিক্ষাৰ মাধ্যমেৰে জনগোষ্ঠী আৰু পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক স্থিতিক্ষম অনাময়ন শৈলী আৰু সুবিধাসমূহ গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰা, পৰিস্থিতি-সন্মত আৰু স্থিতিক্ষম অনাময়নৰ বাবে মূল্যমত-ফলপ্ৰসূ আৰু উপযুক্ত প্ৰযুক্তিক উৎসাহিত কৰা ৷

লগতে য’তে দৰকাৰ তাতে বিজ্ঞান-সন্মত গোটা আৰু তৰল বৰ্জনীয় পদাৰ্থ প্ৰবন্ধন ব্যৱস্থাক নজৰত ৰাখি সমূহীয়া-প্ৰবন্ধনৰ দ্বাৰা চালিত অনাময় ব্যৱস্থাৰ বিকাশ কৰা, যাতে গ্ৰাম্যাঞ্চলসমূহ সাৰ্বিকভাৱে পৰিষ্কাৰ হয় - এয়াই আছিল স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্য ।

লগতে পঢ়ক: ৰঙিয়া পৌৰসভাৰ উদ্যোগত ৰঙিয়াত স্বচ্ছ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.