ETV Bharat / state

Bharat Jodo Yatra : শিৱসাগৰত প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

author img

By

Published : Dec 6, 2022, 2:51 PM IST

Sivasagar
Sivasagar

অসমত যেনেকৈ বিজেপিৰ বি টীম এ আই ইউ ডি এফ (AIUDF), ঠিক একেদৰে গুজৰাটত বিজেপিৰ বি টীম হৈছে আপ (AAP) । বিজেপিয়ে ভোট বিভাজন কৰিবলৈ বি টীম ব্যৱহাৰ কৰি আহিছে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Bharat Jodo Yatra in Sivasagar) ।

শিৱসাগৰ, ৬ ডিচেম্বৰ : ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ উলিওৱা ভাৰত জোড়ো যাত্ৰাই (Rahul Gandhi Bharat Jodo Yatra) অসমক সামৰি লোৱা নাই যদিও অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত অসমতো চলি আছে এই যাত্ৰা (Assam Congress Bharat Jodo Yatra) । ইতিমধ্যে নামনি অসমত আৰম্ভ হোৱা এই যাত্ৰাই মধ্য অসমৰ পৰা গৈ উজনি অসমত প্ৰৱেশ কৰিছে (Bharat Jodo Yatra in Upper Assam) ।

শিৱসাগৰত প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

উজনি অসমৰ যোৰহাটৰ পিছত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই শিৱসাগৰ জিলাত প্ৰৱেশ কৰিছে (Bharat Joda Yatra in Sivasagar) । সোমবাৰে শিৱসাগৰত ৰাজ্যিক কংগ্ৰেছৰ উদ্যোগত আৰম্ভ হয় ভাৰত জোড়ো যাত্ৰা । "গুজৰাটত বিজেপিবিৰোধীৰ ভোট বিভাজনে আমাক চিন্তিত কৰি ৰাখিছে (Gujrat Assembly election 2022) ।

অসমত যেনেকৈ বিজেপিৰ বি টীম এ আই ইউ ডি এফ (AIUDF), ঠিক একেদৰে গুজৰাটত বিজেপিৰ বি টীম হৈছে আপ (AAP) । বিজেপিয়ে ভোট বিভাজন কৰিবলৈ বি টীম ব্যৱহাৰ কৰি আহিছে ।" হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ exit poll প্ৰকাশ হোৱাৰ পিছতে এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (exit poll of Himachal Pradesh election 2022) ।

উল্লেখ্য, সোমবাৰে শিৱসাগৰ জিলাত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰাকক্ষণত ঐতিহাসিক শিৱদৌলত সেৱা লোৱাৰ পিছতে বিজেপি আৰু এ আই ইউ ডি এফক কঠোৰ সমালোচনা কৰে ভূপেন বৰাই । বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰীৰ আশিসপুষ্ট বুলিও সমালোচনা কৰে । আনহাতে, বিভাজনকামী বক্তব্য দিবলৈ মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ উচটনি দি অহাৰো অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Bhupen Bora criticized CM) ।

তেওঁ লগতে কয়, আজমল হৈছে মুখ্যমন্ত্ৰীৰ বুকুৰ কুটুম । মন্ত্ৰী পীযুয হাজৰিকাৰ মন্তব্যকো সমালোচনা কৰে ভূপেন বৰাই । লক্ষণীয় যে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ আজি ৩৫ সংখ্যক দিন । শিৱসাগৰ জিলাত তিনিদিন ধৰি চলিব এই ভাৰত জোড়ো যাত্ৰা । সোমবাৰে আমগুৰি সমষ্টিৰ পৰা আৰম্ভ হৈছে অসমত কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা ।

লগতে পঢ়ক :CAA Hearing on SC: CAA সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.