ETV Bharat / state

অসম আৰু নাগালেণ্ডৰ মাজত প্ৰীতি ফুটবল খেল

author img

By

Published : Oct 1, 2022, 10:41 AM IST

Assam police day
অসম আৰু নাগালেণ্ডৰ মাজত প্ৰীতি ফুটবল খেল

অসম আৰক্ষী দিৱসৰ (Assam police day) দিনটোতে শিৱসাগৰৰ হালোৱাটিং আৰক্ষী থানাই লৈছে এক আদৰণীয় পদক্ষেপ । সীমান্তৱৰ্তী নাগালেণ্ডৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে অসম আৰু নাগালেণ্ডৰ মাজত প্ৰীতি ফুটবল খেল । হালোৱাটিং আৰক্ষী থানা আৰু নাগালেণ্ডৰ টুলী থানাৰ আৰক্ষী বিষয়াৰ লগতে অঞ্চলটোৰ বহু লোকে উপভোগ কৰে খেলখন ।

আমগুৰি, ১ অক্টোবৰ : আজি অসম আৰক্ষী দিৱস (Assam Police Day 2022)। ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষী দিৱস পালন কৰা হৈছে । অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে (Assam police day celebration)। শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষী থানাই অসম আৰক্ষী দিৱসৰ দিনটোতে এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিলে ।

অসম আৰু নাগালেণ্ডৰ মাজত প্ৰীতি ফুটবল খেল

অসমৰ সীমামূৰীয়া নাগালেণ্ডৰ লগত সঘনাই হোৱা বিবাদ পৰিহাৰ কৰি দুয়োখন ৰাজ্যৰ মাজত শান্তি-শৃংখলা অটুট ৰাখিবৰ বাবে আৰক্ষী থানাখনৰ উদ্যোগত আয়োজন কৰা হৈছে প্ৰীতি ফুটবল খেলৰ (Friendship football match between Assam and Nagaland)। লাদৈগড় তৰুণ সমাজৰ খেলপথাৰত অনুষ্ঠিত ফুটবল খেলত অংশগ্ৰহণ কৰে নাগালেণ্ডৰ টুলীৰ ফুটবল দল আৰু অসমৰ লাদৈগড় ফুটবল একাদশ দলে । শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক, জিলা উপ-আৰক্ষী অধীক্ষক, হালোৱাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, নাগালেণ্ডৰ টুলী থানাৰ আৰক্ষী বিষয়াসহ স্থানীয় বহুলোকে একেলগে এই প্ৰীতি ফুটবল খেল উপভোগ কৰে ।

ইফালে তীব্ৰ উত্তেজনাপূৰ্ণ খেলত লাদৈগড় ফুটবল একাদশে নাগালেণ্ড টুলিৰ ফুটবল দলক ১-০ গলত পৰাজিত কৰে । অসম আৰক্ষী দিৱসৰ দিনটোতে দুখন ৰাজ্যৰ মাজৰ শান্তি শৃংখলা অটুট ৰখাৰ অৰ্থে হালোৱাটিং আৰক্ষী থানাই গ্ৰহণ কৰা এনে পদক্ষেপক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক :কলিয়াবৰত আৰক্ষীৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.