ETV Bharat / state

কেনেদৰে চলিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ

author img

By

Published : Jul 22, 2019, 12:00 PM IST

কেনেদৰে চলিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগ

শিৱসাগৰ জিলাৰ আমগুৰিত দিখৌৰ বুকুত জৰাজীৰ্ণ ৰূপত অৱহেলিত হৈ আছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনি খনকৈ যন্ত্ৰ চালিত নাও যাৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁত আৰু ঢৌৰ মাজত দুৰ্বল ভূটভূটীৰে বিপদসংকুল যাতায়ত কৰিবলগা হৈছে দিখৌমুখৰ ৰূপহীমুখবাসী ৷

আমগুৰি ২২ জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰিত দিখৌৰ বুকুত জৰাজীৰ্ণ ৰূপত আছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনি খনকৈ যন্ত্ৰ চালিত নাও । দুৰ্যোগৰ সময়ত বানাপীড়িত ৰাইজক উদ্ধাৰৰ বাবে ৰাজকোষৰ ধন খৰচ কৰি বিভাগটোৱে ক্ৰয় কৰিছিল কেইবালাখ টকীয়া এই যন্ত্ৰ চালিত নাও কেইখন । কিন্তু নাও কেইখন বিকল হৈ পৰা বাবে ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁত আৰু ঢৌৰ মাজত দুৰ্বল ভূটভূটীৰে যাতায়ত কৰিবলগা হৈছে দিখৌমুখৰ ৰূপহীমুখবাসী । যি য়ময়ত সঘনে ব্ৰহ্মপুত্ৰৰ বুকুত ভূটভূটী নাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে সেই সময়ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাক ধিক্কাৰ দিছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ।

কেনেদৰে চলিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগ
Intro:Body:

আমগুৰি ২২ জুলাই:
অামগুৰিৰ দিখৌমুখত ব্ৰক্ষ্মপুত্ৰৰ বুকুৰে বিপদসংকুল যাতায়ত ।

অামগুৰিৰ দিখৌমুখত আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ ফোপোলা স্বৰূপ।

বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ বাবে থকা
দিখৌমুখৰ আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ তিনিখনকৈ মেচিন নাও বিকল।

এইদৰে বিকল নাৱেৰেই চলিছে আমগুৰি দিখৌমুখৰ জলপৰিবহন বিভাগ। এফালে মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ বলিয়া বানত ত্ৰাসিত দিখৌমুখৰ ৰূপহীমুখবাসী আনফালে যাতায়তৰ এনে দুৰাৱস্হাৰ বাবে বহি:বিশ্বৰ সৈতে বিচ্চিন্ন সংযোগ।

ইয়াৰ মাজতেই মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল সোঁত আৰু ঢৌৰ মাজত চলে দুৰ্বল ভূটভূটী। বিভিন্ন সময়ত ব্ৰক্ষ্মপুত্ৰৰ ভৰা বুকুত দুৰ্বল ভূটভূটীৰ মেচিন বিকল হৈ পৰাৰ অভিযোগ ৰাইজৰ।

জলপৰিবহন বিভাগৰ দায়িত্বহীনতাৰ বাবেই যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল হৈ উঠিছে। দুৰ্বল ভূটভূটীয়ে যাতায়াত কৰে ৰূপহীমুখবাসীয়ে। ইয়াৰ পিছতো চকু মেল খাবনে শিৱসাগৰ জিলা প্ৰশাসন অথবা ৰাজ্যৰ বিয়াগোম জল পৰিবহন বিভাগৰ।


আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.