হ'লগুৰি পঞ্চায়তত নিৰ্মাণ নকৰা পথৰ নামত চৰকাৰী পুঁজি আত্মসাতৰ অভিযোগ

author img

By

Published : Mar 30, 2022, 7:18 PM IST

Panchayat Corruption in Sivsagar

অনিয়মৰ মাজত পৰিচালিত শিৱসাগৰৰ হ'লগুৰি পঞ্চায়ত (Panchayat Corruption in Sivsagar) ৷ নিৰ্মাণ নকৰা পথৰ নামত লুটিলে চৰকাৰী পুঁজিৰ ধন ৷ কলমৌ পৰিষ্কাৰৰ নামত শৰাধ সাত লাখ টকা ৷ ঐতিহাসিক জেৰেঙা আলি এতিয়াও পৰি ৰৈছে বিধ্বস্ত ৰূপত ৷ এই অভিযোগ হ'লগুৰিবাসীৰ (Allegations of corruption at Holguri panchayat) ৷

শিৱসাগৰ, 30 মাৰ্চ : পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে স্বৰাজ প্ৰতিষ্ঠাৰ লক্ষৰে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত কৰা হৈছিল এক আদৰ্শ চিন্তা ৷ কিন্তু বৰ্তমান এই ব্যৱস্থা এক প্ৰহসনতহে পৰিণত হৈছে । পঞ্চায়তসমূহে ৰাইজৰ সেৱাৰ সলনি সভাপতি-সম্পাদকে নিজৰ সেৱাত ব্ৰতী থকাৰ ফলত বিভিন্ন পঞ্চায়তত সংঘটিত হৈছে ভয়াবহ দুৰ্নীতি (Panchayat Corruption at Holguri)। এই অভিযোগ শিৱসাগৰ জিলাৰ হ'লগুৰি পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ ।

হ'লগুৰি পঞ্চায়তত নিৰ্মাণ নকৰা পথৰ নামত চৰকাৰী পুঁজি আত্মসাতৰ অভিযোগ

অভিযোগ অনুসৰি হ'লগুৰি পঞ্চায়তত (Panchayat Corruption in Sivsagar)সংঘটিত হৈছে বহু অনিয়ম তথা দুৰ্নীতি। পথ অবিহনে ৰিং নিৰ্মাণ কৰি হ'লগুৰি পঞ্চয়াতবাসীক আভুৱা ভৰিছে । এই অভিযোগ হ'লগুৰিবাসীৰ ৷ ৰাইজে উল্লেখ কৰা অনুসৰি, বিষ্ণু নগৰৰ পথচোৱা ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিছিল ৷ কিন্তু আচৰ্যকৰ বিষয় যে, ৰাইজে নিজৰ পুঁজিৰে নিৰ্মাণ কৰা এই পথচোৱা পঞ্চায়তে নিৰ্মাণ কৰা বুলি চৰকাৰৰ পৰা মুকলাই আনিলে দেৰশ মিটাৰৰ পেভাৰ ব্লকৰ পুঁজি (Corruption at Holguri GP) ।

সেইদৰে এমজিএনৰেগাৰ অধীনত কলমৌ পৰিষ্কাৰ কৰাৰ নামত এই পঞ্চায়তে ব্যয় কৰিছে সাত লাখ টকা । কিন্তু এই বৃহৎ ধনৰাশি ক’লৈ গ’ল, কোনে ক’ত ব্যৱহাৰ কৰিলে কাৰো হাতত নাই কোনো তথ্য ৷ আনকি জানি আচৰিত হ’ব, এই বৃহৎ ধনৰাশি ব্যয় কৰাৰ পাচতো কলমৌ পৰিষ্কাৰ নহ’ল ৰাজহুৱা জলাশয়টোৰ পৰা ।

আনহাতে, হ'লগুৰিৰ পৰা ঐতিহাসিক জেৰেঙা পথাৰলৈ যোৱা পথটোৰ অৱস্থা তেনেই তথৈবছ । চৰম অৱহেলাৰ মাজত পৰি থকা এই পথচোৱাক লৈ এতিয়া ৰাইজৰ মাজত চৰম অসন্তুষ্টি । এনে বহু অভাৱ আৰু অভিযোগেৰে পৰিপূৰ্ণ হ'লগুৰি পঞ্চায়ত ৷ ইফালে পঞ্চায়ত প্ৰতিনিধি অথবা পদবিধাৰীসকলে এলেকাটোৰ উন্নয়নৰ সলনি নিজা উন্নয়নতহে গুৰুত্ব দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : Corruption at Borghuli GP : বৰঘূলী পঞ্চায়তৰ পৰ্বতসম দুৰ্নীতিয়ে কঁপাইছে কলিয়াবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.