ETV Bharat / state

ৰেলৰ দবাত পাঠদান চলাই অহা আমগুৰিৰ এখন বিশেষ বিদ্যালয়

author img

By

Published : May 27, 2022, 10:21 PM IST

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত গুণোৎসৱৰ ব্যস্ততা(Gunavatsav is going on in government schools in Assam) । তাৰমাজতে চৰ্চালৈ আহিছে এখন বিশেষ বিদ্যালয় । ভাৰতীয় ৰেলৰ আৰ্হিত প্ৰতিষ্ঠিত বিদ্যালয়খনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে(A school in Amguri has caught everyone attention) । ক'ত আছে এই বিশেষ বিদ্যালয়খন ?

an exceptional school in amguri has caught everyone attention
ৰেলৰ দবাত পাঠদান চলাই অহা আমগুৰিৰ এখন বিশেষ বিদ্যালয়

আমগুৰি,২৭ মে': যি সময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহৰ অৱস্থা দেখিলে চকু কপালত উঠে সেই সময়তে এখন বিশেষ বিদ্যালয়ে লাভ কৰিছে চৰ্চা । গুণোৎসৱৰ ব্যস্ততাৰ মাজতে চৰ্চালৈ অহা এই বিশেষ বিদ্যালয়খন আমগুৰি চাহ বাগিছাত প্ৰতিষ্ঠিত(Gunavatsav is going on in government schools in Assam) । ১৯৯২ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন দেখিলে আপোনাৰো মন ভৰি পৰিব ।

আমগুৰি চাহ বাগিচাত প্ৰতিষ্ঠিত বিদ্যালয়খনত ভাৰতীয় ৰেলৰ আৰ্হিত বনোৱা দবাত পাঠ গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীয়ে(A school in Amguri has caught everyone attention) । আকৰ্ষণীয় আৰু সুন্দৰকৈ ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী হোৱাকৈ সজাই পৰাই তুলিছে বিদ্যালয়খন । বিদ্যালয়খনৰ প্ৰধান শিক্ষক পূৰ্ণ চন্দ্ৰ কেওটৰ আশাসুধীয়া প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে আমগুৰি চাহ বাগিচা আদৰ্শ প্ৰাথমিক বিদ্যালয়ে ।

ৰেলৰ দবাত পাঠদান চলাই অহা আমগুৰিৰ এখন বিশেষ বিদ্যালয়

কেৱল এয়াই নহয় বিদ্যালখনৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে নৃত্য-গীতৰ লগতে শাৰিৰীক ব্যায়ামৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰা হয় । লাহে লাহে বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে । পাঁচজন শিক্ষক আৰু ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন চাহ বাগিচা অঞ্চলৰ অন্যান্য বিদ্যালয়ৰ বাবে হৈ উঠিছে আদৰ্শ ।

কিন্তু, বিদ্যালয়খনত বৰ্তমানেও ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শ্ৰেণীকোঠাৰ অভাৱ । স্কুলৰ বাৰাণ্ডা, গছৰ তলত পাঠদান কৰা হয় ছাত্ৰ-ছাত্ৰীক । গুণোৎসৱৰ সময়ত প্ৰতিখন বিদ্যালয় সজাই-পৰাই ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী কৰি তোলা আৰু গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদানৰ বিপৰীতে আমগুৰি চাহ বাগিচাৰ এইখন বিদ্যালয় বিশেষভাৱে আকৰ্ষণীয় হৈ উঠিছে । বিদ্যালয়খনৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে বিদ্যালয়গৃহ নিৰ্মাণৰ বাবে অনুদান প্ৰদানৰ কাৰণে অনুৰোধ জনাইছে শিক্ষা বিভাগক ।

লগতে পঢ়ক: এন আৰ চিৰ আসোঁৱাহ নিষ্পত্তিৰ বাবে চৰকাৰ দায়বদ্ধ: কেশৱ মহন্ত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.