ETV Bharat / state

জাঁজীত ৰাজহুৱা যোগান ব্যৱস্থাৰ চাউলসহ জব্দ তিনিখন বাহন

author img

By

Published : May 22, 2021, 9:40 PM IST

4-truck-seized-in-sivsagar
জাঁজীত ৰাজহুৱা যোগান ব্যৱস্থাৰ চাউলসহ জব্দ তিনিখন বাহন

জাঁজীত ৰাজহুৱা যোগান ব্যৱস্থাৰ চাউলসহ জব্দ তিনিখন বাহন ৷ জাঁজীৰ এটা পেট্ৰ’ল পাম্পত অবৈধভাৱে ৰাজহুৱা যোগান ব্যৱস্থাৰ চাউল নমাই থকা অৱস্থাত চাৰিখনকৈ চাউল কঢ়িওৱা ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ।

আমগুৰি, ২২মে : শিৱসাগৰৰ জাঁজীত শনিবাৰে ৰাজহুৱা যোগান ব্যৱস্থাৰ চাউলসহ তিনিখন বাহন জব্দ কৰিছে আৰক্ষীয়ে ৷ জাঁজীৰ এটা পেট্ৰল পাম্পত অবৈধভাৱে ৰাজহুৱা যোগান ব্যৱস্থাৰ চাউল নমাই থকা অৱস্থাত চাৰিখনকৈ চাউল কঢ়িওৱা ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে AS ০১ DC ৭৩৮২ আৰু AS ০১ FC ৮৬৭৫ আৰু AS ০১ DC ৭৩৮৫ নম্ববৰ ট্ৰাক কেইখন চাউল সহ জব্দ কৰাৰ লগতে তিনিজনকৈ লোকক আটক কৰিছে । আৰক্ষীয়ে আটক কৰিছে ক্ৰমে- দীপাংকৰ গগৈ, মহিবুল হুছেইন আৰু ৰূপম ৰাজবংশী নামৰ তিনি চালকক ।

বৰ্তমান আৰক্ষীয়ে আটকাধীন চালক কেইজনক সোধা-পোছ অব্যাহত ৰখাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.