ETV Bharat / state

শিৱসাগৰত ঘৰতেই প্ৰস্তুত কৰা খাদ্যৰ অন লাইন ব্যৱসায় 2 ভগ্নীৰ

author img

By

Published : May 16, 2020, 3:01 PM IST

ETV BHARAt
শিৱসাগৰত ঘৰতেই প্ৰস্তুত কৰা খাদ্যৰ অন লাইন ব্যৱসায় 2 ভগ্নীৰ

শিৱসাগৰত দুই বাই- ভনীয়ে আৰম্ভ কৰিছে অন লাইন ব্যৱসায় ৷ ডাঙৰজনী তুষাৰিকা গগৈ আৰু সৰু জনী নাম অৰ্চি গগৈ৷ দুয়োজনী ক্ৰমে স্নাতকোত্তৰ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰী ৷ দুই কন্যাই মাতৃৰ সৈতে একেলগে ঘৰতেই খাদ্য প্ৰস্তুত কৰি অনলাইন ব্যৱসায় আৰম্ভ কৰিছে ৷

শিৱসাগৰ, 16 মেঃ শিৱসাগৰ ডিমৌত দুই বাই- ভনীয়ে আৰম্ভ কৰিছে অন লাইন ব্যৱসায় ৷ বিভিন্ন অঞ্চলৰ লোকক বিতৰণ কৰি আহিছে ঘৰতেই প্ৰস্তুত কৰা খাদ্য-সামগ্ৰী ৷

শিৱসাগৰত ঘৰতেই প্ৰস্তুত কৰা খাদ্যৰ অন লাইন ব্যৱসায় 2 ভগ্নীৰ

এগৰাকী মাতৃৰ সতে দুগৰাকী কলেজীয়া কন্যা । লক ডাউন সময়তেই তেওঁলোকে গঢ়ি তুলিছে অনলাইন যোগে উপলব্ধ ঘৰুৱা খাদ্য সামগ্ৰীৰ ব্যৱসায় ৷ গ্ৰাহকে বুকিং কৰাৰ পিছতে দুই- বাই ভনীয়ে স্কুটি /চাইকেলেৰে ডিমৌ নগৰ এলেকাত বহু লোকক বিতৰণ কৰিছে বিভিন্ন খাদ্য । নিজে খাদ্য ৰান্ধি ভাল পোৱা মাতৃ পপী গগৈ,দুই কন্যা ক্ৰমে তুষাৰিকা গগৈ,অৰ্চি গগৈয়ে ঘৰতে হোম ৰেষ্টুৰেন্ট খোলাৰ সিন্ধান্ত লয় । পিছত লাহে লাহে অনলাইন অৰ্ডাৰ বাঢ়ি যোৱাত এনেদৰে ঘৰে ঘৰে খাদ্য সামগ্ৰীৰ বিতৰণ কৰি আহিছে তেঁওলোকে । ডাঙৰ জনী স্নাতকোত্তৰ অধ্যয়নৰত আৰু সৰুজনী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ দুই কন্যাই মাতৃৰ সৈতে একেলগে খাদ্য প্ৰস্তুত কৰি ব্যৱসায় আৰম্ভ কৰিছে ৷ এই ব্যৱসায়ৰ ফলত এতিয়া অত্মনিৰ্ভৰশীল হব পাৰিছে পৰিয়ালটো । ইফালে নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড0 দিগন্ত গগৈয়ে ছাত্ৰী দুজনীৰ এই স্বাৱলম্বন হ'বলৈ প্ৰচেষ্টা কৰাটো ইতিবাচক দিশ বুলিও উল্লেখ কৰে । লক ডাউনৰ সময়ছোৱাত অনলাইন ব্যৱসায় আৰম্ভ কৰাত অঞ্চলটোৰ সকলোৱে শলাগ যাচিছে পৰিয়ালটোক ৷

লগতে পঢ়ক-মাছখোৱাৰ এলাহাবাদ বেংক ছীল প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.