ETV Bharat / state

Nearly five crore scheme collapsed in Nalbari:নলবাৰীৰ লাৰকুছিত খহি পৰিল কোটি টকীয়া আঁচনিৰ বৃহৎ অংশ

author img

By

Published : Jun 26, 2023, 4:40 PM IST

নলবাৰীৰ লাৰকুছিত জলসম্পদ বিভাগৰ আচঁনিত বৃহৎ দুৰ্নীতি । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ কেইদিনমান পিচতে ভাঙি খহি গ’ল প্ৰায় ৫ কোটি টকীয়া আচঁনিৰ এটা বৃহৎ অংশ । নিম্ন মানৰ কাম কৰাৰ অভিযোগ, তদন্তৰ দাবী স্থানীয় ৰাইজৰ ।

Water Resource
জলসম্পদ বিভাগৰ কামৰ নমুনা

ৰাইজৰ অভিযোগ

নলবাৰী, ২৬ জুন : নলবাৰীৰ লাৰকুছিত জলসম্পদ বিভাগৰ আচঁনি ৰূপায়ণত বৃহৎ দুৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিচতে খহি গ’ল প্ৰায় ৫ কোটি টকীয়া আচঁনিখনৰ এটা বৃহৎ অংশ ।

লাৰকুছিত মথাউৰি বান্ধৰ বাবে ২০২২-২৩ বৰ্ষত জলসম্পদ বিভাগৰ আবন্টিত আচঁনিখনৰ ঠিকা লাভ কৰিছিল Oriental Engineers ৰ হেমেন দত্ত নামৰ ঠিকাদাৰজনে । প্ৰায় পাঁচ কোটি টকীয়া আচঁনিখনৰ জৰিয়তে অঞ্চলটোত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা মথাউৰিৰ বান্ধৰ কাম কৰিছিল । মথাউৰিটোৰ ৪০২ মিটাৰ ঠাইত জিঅ' বেগ, কংক্ৰিটৰ Pitching, পাৰকুপাইন আদিৰ কাম কৰাইছিল ঠিকাদাৰজনে । উদ্দেশ্য আছিল ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানী আৰু তীব্ৰ সোঁতে যাতে মথাউৰিটোত খহনীয়াৰ সৃষ্টি কৰিব নোৱাৰে । কিন্তু কামটো সম্পূৰ্ণ হোৱাৰ কেইদিনমান পিছতে প্ৰায় ২৫ মিটাৰ অংশ ভাঙি খহি যায় ।

অতি নিম্ন মানৰ কাম হোৱাৰ বাবে ব্ৰহ্মপুত্ৰ নৈৰ প্ৰথমটো বাঢ়নী পানীতে আচঁনিখনৰ বৃহৎ অংশটো ভাঙি খহি যোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে বছৰ বছৰ ধৰি অঞ্চলটোৰ মথাউৰিটো ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ কবলত পৰি আছিল । সেই খহনীয়াৰ স্থায়ী সমাধান হিচাপে অঞ্চলটোত জলসম্পদ বিভাগৰ এই ৫ কোটি টকীয়া আচঁনিখন ৰূপায়ণ হৈছিল । কিন্তু ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰাৰ বাবে আচঁনিখনৰ কাম সম্পূৰ্ণ হোৱাৰ কিছুদিন পিচতে এনেদৰে বৃহৎ অংশ এটা খহি যায় । উচিত তদন্ত কৰি নিৰ্মাণ কাৰ্য সঠিকভাৱে কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক : Body recovered in Diliajan:দুলীয়াজানত নৈত ছাত্ৰৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.