নলবাৰীত যুৱতীৰ ৰহস্যজনক আত্মহত্যা

author img

By

Published : Oct 18, 2021, 11:51 AM IST

suspicious-suicide-by-a-daughter-of-police-personnel-in-nalbari

নলবাৰীত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যা(Suicide) ৷ দীৰ্ঘদিনৰ পৰা পেটৰ অসুখত ভূগি থকা ছাত্ৰীগৰাকীয়ে অসুখৰ বাবে অধিক চিন্তিত হৈ আত্মহননৰ পথ বাচি লোৱা বুলি ছাত্ৰীগৰাকীৰ মাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ছাত্ৰীগৰাকীৰ পিতৃ নলবাৰীৰ সদৰ থানাত কৰ্মৰত ৷

নলবাৰী, 18 অক্টোবৰ : নলবাৰীত এগৰাকী আৰক্ষী বিভাগত কৰ্মৰত ব্যক্তিৰ কন্যাৰ ৰহস্যজনক আত্মহত্যা(Suicide) ৷ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীগৰাকীৰ ৰহস্যজনক আত্মহত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নলবাৰী জিলাত ৷ ম’বাইলত টিকটক/ৰিলছ ভিডিঅ’ বনাই ইতিমধ্যে কিছু জনপ্ৰিয়তা লাভ কৰিছিল ছাত্ৰীগৰাকীয়ে ৷

মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী ৷ আৰক্ষী বিভাগ(Police Department)ৰ কৰ্মচাৰীৰ কন্যাৰ আত্মহত্যা এতিয়া সোমাই পৰিছে এক ৰহস্যৰ আৱৰ্তত ৷ প্ৰাপ্ত তথ্য অনুসৰি, নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মচাৰী হিচাপে কৰ্মৰত জয়নাল আবেদিন আৰু নাজমিনা বেগমৰ কন্যাই দীৰ্ঘদিন ধৰি পেটৰ অসুখত ভূগি আছিল ৷

যুৱতীৰ ৰহস্যজনক আত্মহত্যা

ইয়াৰ পাচতে 1 অক্টোবৰত চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ নলবাৰীলৈ উভতি আহে কন্যাগৰাকী ৷ চেন্নাইৰ পৰা উভতি অহাৰ পাচতে তেওঁ 12 অক্টোবৰত ৰিলছ(Reels) বনাই আপলোড কৰে ৷ কিন্তু সেইদিনটোতেই ৰহস্যজনকভাৱে ছাত্ৰীগৰাকীয়ে নলবাৰী চহৰৰ জ্যোতি নগৰৰ ভাড়াঘৰত চীপ লৈ আত্মহত্যা কৰে ৷

আত্মহত্যা কৰাৰ সময়ত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ ঘৰত নথকা বুলি মাতৃয়ে সদৰী কৰে ৷ আত্মহনন কৰা ছাত্ৰীগৰাকীৰ মাতৃয়ে এই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে যে, তেওঁলোকৰ কন্যা দীৰ্ঘদিনৰ পৰা পেটৰ অসুখত ভূগি আছিল ৷ সেইবাবে হয়তো হতাশাত ভূগি জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে ৷ আত্মহত্যাৰ আঁৰত আন কোনো কাৰণ নাই বুলি যুৱতীগৰাকীৰ মাতৃ নাজমিনা বেগমে সাংবাদিকৰ আগত সদৰী কৰে ৷

পেটৰ অসুখৰ বাবে চিকিৎসা চলি থকাৰ সময়তে হতাশাত ভূগি আত্মহত্যা কৰিলে নেকি ছাত্ৰীগৰাকীয়ে ? এয়া সঁচাকৈয়ে আত্মহত্যা নে হত্যাকাণ্ড ? আত্মহত্যাৰ আঁৰত অন্য কিবা কাৰণ লুকাই আছে নেকি ? ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুৰ পাচতে স্থানীয় ৰাইজৰ লগতে পিতৃ-মাতৃৰ মনত এনেধৰণৰ বহু প্ৰশ্নৰ উদয় হৈছে ৷

লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰ অভিযানত উৎখাত চুৰি সামগ্ৰী তথা ড্ৰাগছ জমা ৰখা ঘাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.