ETV Bharat / state

Road Accident in Nalbari: দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকৰ মৃতদেহ লৈ থানাত প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ

author img

By

Published : Dec 2, 2022, 9:38 PM IST

Road Accident in Nalbari
দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকৰ মৃতদেহলৈ আৰক্ষী থানাত প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ

এক ৰহস্যজনক দুৰ্ঘটনাক লৈ উত্তাল নলবাৰী ৷ মৃতদেহ সন্মুখত ৰাখি নলবাৰী সদৰ থানাৰ সন্মুখত প্ৰতিবাদ পৰিয়াল তথা ৰাইজৰ । এয়া পৰিকল্পিত হত্যাকাণ্ডহে বুলি দাবী দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা যুৱকৰ পৰিয়ালৰ(Suspected Murder Case in Nalbari) ।

নলবাৰী, ২ ডিচেম্বৰ: এক ৰহস্যজনক দুৰ্ঘটনাই জোকাৰিছে নলবাৰী(Road Accident in Nalbari) । নলবাৰীৰ আলোকপুৰত সংঘটিত এক শোকাবহ দুৰ্ঘটনাটোৰ পাছত উত্তাল হৈ পৰিছে অঞ্চলটো ৷ মৃত যুৱকৰ শৱদেহ লৈ ৰাজপথলৈ ওলাই আহিছে যুৱকজনৰ পৰিয়াল তথা স্থানীয় লোক ৷ যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৰিছে যুৱকজনৰ পৰিয়াল তথা স্থানীয় লোক ৷ যাৰ বাবে এই ঘটনাৰ উচিত তদন্তৰ দাবীত নলবাৰী সদৰ আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ ৰাইজে(One died in nalbari road accident) ।

দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকৰ মৃতদেহলৈ আৰক্ষী থানাত প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ

উল্লেখ্য যে, নলবাৰী আলোকপুৰৰ দ্বীপজ্যোতি কলিতা নামৰ যুৱকজনৰ বুধবাৰে নিশা নিজ কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈছিল । তাৰপিছত দ্বীপজ্যোতি কলিতাক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ যুৱকজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে(Nalbari Civil Hospital) । আঘাতপ্রাপ্ত দ্বীপজ্যোতি কলিতাই গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়খনত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।

যুৱকজনৰ মৃত্যুৰ পাছতেই উত্তাল হৈ পৰিছে নলবাৰীৰ আলোকপুৰ ৷ দ্বীপজ্যোতি কলিতাৰ পৰিয়ালৰ লোকে এয়া দুৰ্ঘটনা বুলি মানি লোৱা নাই । এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে দ্বীপজ্যোতিৰ পৰিয়ালৰ লোকে । দ্বীপজ্যোতিয়ে কেইবামাহ ধৰি অজ্ঞাত লোকৰ পৰা ভাবুকি পাই অহাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে ৷ তদুপৰি দ্বীপজ্যোতিৰ দুৰ্ঘটনাত পতিত হোৱাৰ ধৰণ তথা তেওঁৰ আঘাতলৈ মন কৰিলে এয়া দুৰ্ঘটনাৰ পৰিৱৰ্তে হত্যাকাণ্ডহে হোৱাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়াল তথা স্থানীয় লোকে ৷

ক্ষুদ্ধ ৰাইজে এই ঘটনাৰ উচিত তদন্তৰ বাবে চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ৷ তেওঁলোকে লগতে এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা চলালে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.