PDS scheme rice rotted: আৰক্ষী থানাতে পচিছে কুইণ্টলে কুইণ্টলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল

author img

By

Published : Jul 19, 2022, 6:51 PM IST

PDS rice scam in Nalbari

থানাৰ ভিতৰতে পচিছে কুইণ্টলে-কুইণ্টলে ৰাজহুৱা চাউল ৷ স্থানীয় ৰাইজে চুৰিৰ সন্দেহত জব্দ কৰি আৰক্ষিক চমজাই দিয়া চাউলখিনি সংৰক্ষণৰ ক্ষেত্ৰত বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (PDS rice rotted at police station in Nalbari) ৷

নলবাৰী, ১৯ জুলাই: ৰাজহুৱা বিতৰণৰ ১২০ কুইন্টল চাউল পচি যোৱাৰ উপক্ৰম হৈছে নলবাৰীৰ এখন আৰক্ষী থানাত (PDS scheme rice rotted at police station in Nalbari) ৷ চুৰি কৰি অনাৰ সন্দেহত স্থানীয় ৰাইজে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ চাউলখিনি ৷ প্ৰশাসন তথা যোগান বিভাগৰ অৱহেলাৰ বাবেই এতিয়া চাউলখিনি নষ্ট হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰ আৰক্ষী থানাত দৰিদ্ৰ জনতাৰ বাবে আবন্টিত চাউলখিনি থানাৰ ভিতৰতে পচি যোৱাৰ উপক্ৰম হোৱাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, 2021 বৰ্ষৰ ছেপ্টেম্বৰ মাহত বৰক্ষেত্ৰীৰ শিয়ালমাৰীৰ চৰ অঞ্চলত চোৰাং চাউলৰ সন্দেহত দুখন চাউলভৰ্তি নাও জব্দ কৰিছিল স্থানীয় ৰাইজে (PDS rice sized in Nalbari by public)। নাও দুখনত প্ৰায় ১২০ কুইন্টল ৰাজহুৱা বিতৰণৰ চাউল আছিল । ৰাইজে চাউলখিনি জব্দ কৰি সেইয়া শিয়ালমাৰী চৰ আৰক্ষী থানাক গটাই দিছিল (PDS rice scam in Nalbari)।

আৰক্ষী থানাত গেলিপচি গৈছে 120 কুইণ্টল ৰাজহুৱা চাউল

শিয়ালমাৰী আৰক্ষীয়ে চাউলখিনি জিম্মাত লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত চলাই আছে যদিও তেতিয়াৰে পৰাই চাউলখিনি শিয়ালমাৰী আৰক্ষীৰ জিম্মাতে আছে । চাউলখিনি যোৱা প্ৰায় দহ মাহে আৰক্ষীৰ জিম্মাত(Sialmari Police station) থকাত এতিয়া চাউলখিনি পচি নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে । ইফালে চাউলখিনি সংৰক্ষণৰ ক্ষেত্ৰত যোগান বিভাগৰ ফালৰ পৰা যোৱা দহ মাহত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

তদুপৰি চাউলখিনিৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াও অতি লেহেমীয়া হোৱাৰ অভিযোগ ৰাইজৰ । এই সমগ্ৰ বিষয়টোক লৈ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Jorhat-Majuli Bridge: শীঘ্ৰেই দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দাবী AJYCP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.