ETV Bharat / state

নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱত স্থানীয় শিল্পীৰ দ্বাৰা প্ৰথমবাৰলৈ জীৱন্ত ৰাস প্ৰদৰ্শন

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 11:33 AM IST

rash mahotsav celebration in Nalbari
নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱত জীৱন্ত ৰাস প্ৰদৰ্শন

নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত অনুষ্ঠিত 90 সংখ্যক ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ প্ৰদৰ্শন ৷ শনিবাৰে নিশা নলবাৰী ৰাস মহোৎসৱত ‘ৰাস মধুৰম’ নামৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হয় ৷

নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱত জীৱন্ত ৰাস প্ৰদৰ্শন

নলবাৰী, 3 ডিচেম্বৰ : নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত অনুষ্ঠিত 90 সংখ্যক ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ প্ৰদৰ্শন ৷ ৰাস মহোৎসৱৰ সপ্তম দিনাৰ নিশা নলবাৰী ৰাস মহোৎসৱত ‘ৰাস মধুৰম’ নামৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হয় ৷ নামনি অসমৰ ৰাস মহোৎসৱত মৃন্ময় মূৰ্তিৰ ৰাস প্ৰদৰ্শনৰ লগতে এইবাৰ নলবাৰী ৰাস মহোৎসৱত স্থানীয় শিল্পীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ’ল জীৱন্ত ৰাসৰ ৷

শনিবাৰে নিশা নলবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধংক অংকুৰ বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

নলবাৰীৰ শ্ৰীশ্ৰীৰাস মহোৎসৱত জীৱন্ত ৰাস উপভোগ কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত নলবাৰী ৰাসত জীৱন্ত ৰাসৰ সমাহাৰ হোৱা বুলি সদৰি কৰে সত্ৰাধিকাৰ দেৱগোস্বামীয়ে ৷

তেওঁ কয়, ‘‘ মাজুলীৰ জীৱন্ত ৰাস উপভোগ কৰিবলৈ গৈ সত্ৰাধিকাৰ গৰাকীৰ আগত নলবাৰীতো জীৱন্ত ৰাসৰ প্ৰদৰ্শন কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল মন্ত্ৰী বৰুৱাই ৷ তাৰে চেষ্টাত নলবাৰীত এইবেলি স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হয় ৷ জীৱন্ত ৰাসৰ দ্বাৰা প্ৰভু শ্ৰীকৃষ্ণৰ যি ৰাসলীলা তাক নৱপ্ৰজন্মৰ আগত দাঙি ধৰাত সুখী অনুভৱ কৰিছো ৷’’

আনহাতে উক্ত অনুষ্ঠানতেই উপস্থিত থাকি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধংক অংকুৰ বৰুৱাই ৷ নলবাৰীত ৰাস মহোৎসৱস্থলীত জীৱন্ত ৰাসৰ সমাহাৰ ঘটোৱা বাবে ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী বৰুৱাক কৃতজ্ঞতা জ্ঞাপন কৰে বৰুৱাই ৷

লগতে পঢ়ক : নলবাৰীৰ ৰাসত পুতলা ৰাসে মুহিলে সহস্ৰাধিক দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.