ETV Bharat / state

Protest in Nalbari: অসামৰিক চিকিৎসালয় স্থানান্তৰৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে স্থৱিৰ হৈ পৰিল নলবাৰী চহৰ

author img

By

Published : Feb 13, 2023, 4:16 PM IST

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰৰ ক্ষোভৰ জুই অব্যাহত নলবাৰীত । আজি স্বত:ষ্ফূৰ্ত ভাৱে বন্ধ হৈ পৰিল নলবাৰী চহৰ (Protest against shifting of Hospital in Nalbari) ।

Protest against shifting of Hospital in Nalbari
শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়

নলবাৰী, ১৩ ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰৰ প্ৰতিবাদ আজিও অব্যাহত আছে (Shaheed Mukunda Kakati Civil Hospital)। চহৰখনৰ মাজমজিয়াৰ পৰা এই চিকিৎসালয়খন ১৪ কিলো মিটাৰ নিলগৰ দক্ষিগাঁৱত নিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংলগ্ন কৰাত ক্ষুব্ধ হৈছে একাংশ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । এই স্থানান্তৰক লৈ প্ৰতিবাদো জনাইছে দল-সংগঠনে । ইয়াৰ মাজতেই চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা বেচৰকাৰী বিদ্যালয়সমূহ স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখিছে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলে (Protest against Shifting of Nalbari Civil Hospital)।

উল্লেখযোগ্য যে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ বহিঃবিভাগৰ সকলো যাৱতীয় সামগ্ৰীকে আদি কৰি চিকিৎসক ,নাৰ্ছ সকলক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰাত অসামৰিক চিকিৎসালয়খনত স্বাস্থ্য সেৱাৰ পৰা জনতা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে (Shifting of Nalbari Civil Hospital)। এনে ক্ষোভৰ মাজতে নলবাৰীৰ দল-সংগঠনকে ধৰি বিৰোধী কংগ্ৰেছেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ।

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ কাম-কাজ স্থৱিৰ হোৱাৰ দিশে গতি কৰাত চিন্তিত হৈ পৰিছে চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে সচেতন ৰাইজ (New medical college in Nalbari)। কিয়নো নলবাৰী চহৰৰ মাজমজিয়াত চিকিৎসালয়খন থকাত দূৰণিবটীয়া ৰোগীসকল বিশেষকৈ টিহু, পশ্চিম নলবাৰী, মুকালমুৱা, সৰ্থেবাৰীৰ লগতে বাক্সা জিলাৰ ৰোগী সকলে সহজতে স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হৈছিল ।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়কন নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংলগ্ন কৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ২০০ ৰ পৰা ৫০খন বিচনাযুক্ত সেৱাৰে চিকিৎসা সেৱা প্ৰদান কৰিব বুলি ঘোষণা কৰাত ক্ষোভৰ উদগীৰণ ঘটিছে চহৰখনত (Nalbari Medical College Hospital)। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি স্বতঃস্ফূৰ্তভাৱে বন্ধ হ'ল নলবাৰী চহৰ । চৰকাৰে এই সিদ্ধান্ত সলনি নকৰিলে প্ৰতিবাদ আৰু তীব্ৰতৰ হোৱাৰ আশংকা ঘনীভূত হৈছে ।

উল্লেখ্য যে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰ কৰাৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদক কেন্দ্ৰ কৰি শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে জিলা কংগ্ৰেছে প্ৰতিবাদী সমদল উলিয়াই এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে (AJYCP protest against Nalbari Civil Hospital) ৷ আনহাতে, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী জঁপিয়াই পৰাত জিলাখনত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Protest in Nalbari: চিকিৎসালয় স্থানান্তৰকৰণক লৈ নলবাৰীত উত্তপ্ত পৰিস্থিতি; প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.