ETV Bharat / state

Minister Ranjeet Kumar Dass: এতিয়া বানপানীৰ বাবে ৰাজ্যত পাচলিৰ দামবৃদ্ধি হৈছে; ৰণজিৎ কুমাৰ দাস

author img

By

Published : Jul 16, 2023, 2:32 PM IST

Press Meet of Minister Ranjeet Kumar Dass
টিহু মণ্ডলৰ টিফিন বৈঠকত ভাগ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

নলবাৰী জিলা বিজেপি কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল ৷ নলবাৰী বিজেপি কাৰ্যালয়ত টিহু মণ্ডলৰ টিফিন বৈঠকত ভাগ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল

নলবাৰী, 16 জুলাই : নলবাৰী জিলা বিজেপি কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল ৷ সংবাদমেলৰ পিছতে নলবাৰী বিজেপি কাৰ্যালয়ত টিহু মণ্ডলৰ টিফিন বৈঠকত ভাগ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ টিফিন বৈঠক সন্দৰ্ভত তেওঁ কয় যে, যিহেতু ভাৰতত বহু জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ লোক আছে, লগতে বিজেপি দলটোতো বিভিন্ন জাতি-জনগোষ্ঠী তথা ধৰ্মৰ লোক আছে ৷ সেয়েহে দলীয় কৰ্মী সকলৰ মাজত বন্ধুত্বপূৰ্ণ তথা সৌহাদ্যপূৰ্ণ বৃদ্ধি কৰিবলৈ এই টিফিন বৈঠকৰ আয়োজন কৰা হৈছে বুলি কয় তেওঁ ৷

লগতে মূল্যবৃদ্ধি সন্দৰ্ভতো সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীজনে ৷ তেওঁ কয় যে, মূল্যবৃদ্ধিক লৈ আমিয়ো উদ্বিগ্ন ৷ মানুহে ভবাতকৈয়ো দাম হয়তো বৃদ্ধি হৈছে ৷ তথাপিও আমাৰ চৰকাৰে ৰাইজক বিভিন্ন উপায়েৰে সকাহ দিয়াৰ চেষ্টা কৰিছে বুলি কয় মন্ত্ৰীজনে ৷ লগতে তেওঁ কয় যে, এইমূহুৰ্তত অসমত অবৈধ মজুতকাৰী নাই ৷

আনহাতে ভূপেন বৰাক প্ৰত্যাহ্বান জনাই মন্ত্ৰীজনে কয় যে, ভূপেন বৰাই দেখাই দিয়ক ক’ত চিণ্ডিকেট আছে ৷ তেওঁ দেখুৱাই দিয়ক কোনটো স্থানত টকা সংগ্ৰহ কৰা হয় পাচলিৰ বাবে ৷ এতিয়া বানপানীৰ বাবে ৰাজ্যত পাচলিৰ দামবৃদ্ধি হৈছে ৷ অসমত এতিয়া চিণ্ডিকেট নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ কয় যে, অসমীয়া মানুহে পূৰ্বৰ দৰে পাচলি খেতি কৰিব নোৱাৰা হ’ল ৷ এতিয়া খেতি নকৰা মানসিকতা গঢ়ি উঠিছে ৷ যিটো সময়ত আনে তিনিবাৰকৈ কৰি আছে আমাৰ মাত্ৰ এবাৰে খেতি হৈছে ৷ গতিকে মুখ্যমন্ত্ৰীৰ আহ্বানক সকলোৱে হাতেকামে সহযোগ কৰিব লাগে বুলি কয় তেওঁ ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, মহা জন সম্পৰ্ক অভিযানত সমষ্টি বিশেষে ব্যৱসায় সন্মিলনৰ আয়োজন কৰা হৈছে ৷ সমষ্টি বিশেষে হিতাধিকাৰী সন্মিলনৰ আয়োজন কৰা হৈছে ৷ সামগ্ৰিকভাৱে তৃণমূল পৰ্যায়ত নিৰবাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি কয় তেওঁ ৷ ৰাইজৰ পৰা যিমান প্ৰতিক্ৰিয়া পোৱা গৈছে সকলোবোৰেই ধনাত্মক বুলি কৈ তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনসাধাৰণে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী ৰূপত বিছাৰিছে ৷

আনহাতে ড৹ হীৰেন গোঁহাইয়ে বিনামূলীয়া চাউল সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, সেইটো তেওঁ মনমোহন সিঙক ক’ব লাগিব ৷ কাৰণ বিনামূলীয়া চাউল কংগ্ৰেছেহে দিছিল ৷ সেইয়া কংগ্ৰেছৰ সময়ৰ পৰা চলি আহিছে ৷ তেখেতে যদি এইষাৰ কথা আগতেই ক’লেহেতেন তেন্তে ভাল আছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, সংবাদমেলৰ পিছতে নলবাৰী বিজেপি কাৰ্যালয়ত টিহু মণ্ডলৰ টিফিন বৈঠকত ভাগ লয় মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: Polygamy marriage in Assam: বহু বিবাহৰ সম্পৰ্কত ধৰ্মৰ ভিত্তিত জৰীপ চলোৱাৰ দাবী এ আই ইউ ডি এফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.