ETV Bharat / state

Poor Road condition: ভাৰত-ভূটান সংযোগী পথে ৰাইজক ভুগাইছে যন্ত্ৰণা

author img

By

Published : Jul 17, 2022, 2:16 PM IST

Poor Road condition at Rangia
আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বিলৈ

ৰঙিয়াৰ বালাগাঁৱৰ মাজেৰে যোৱা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন পথৰ দুৰৱস্থা (Indo Bhutan road)৷ পথটোত ঠায়ে ঠায়ে প্ৰায় পাঁচৰ পৰা সাত ফুট পৰ্যন্ত দ গাঁতৰ সৃষ্টি হৈছে (Poor Road condition at Rangia) ৷

ৰঙিয়া, 17 জুলাই: ৰাজ্যজুৰি বানৰ সংহাৰ শাম কটাৰ পিছতেই ভিন্ন প্ৰান্তত দুৰ্ভোগ ভুগিছে জনসাধাৰণে (Flood damages in Assam)৷ এই প্ৰলয়ংকাৰী বানত কিছু লোকৰ নিজ ঘৰ-দুৱাৰ জাহ যোৱাৰ লগতে কিছু অঞ্চলত বানে পথ ছিঙি পেলোৱাৰ ফলত যাতায়তৰ বাবে অসুবিধাত পৰিছে ৷ ৰঙিয়াৰ বালাগাঁৱৰ মাজেৰে যোৱা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন পথৰ দুৰৱস্থা (Poor Road condition at Rangia) ৷ প্ৰায় দুই কিলোমিটাৰ দীঘল পথটোৰ 5 অংশত বানৰ কোবাল সোঁতে ছিঙি পেলাইছে ৷ যাৰ ফলত পথটোত ঠায়ে ঠায়ে প্ৰায় পাঁচৰ পৰা সাত ফুট পৰ্যন্ত দ গাঁতৰ সৃষ্টি হৈছে ৷

ভাৰত-ভূটান সংযোগী পথে ৰাইজক ভুগাইছে যন্ত্ৰণা

বৰ্তমান পথটো বিধস্ত হৈ পৰাৰ ফলত অঞ্চলটোৰ শিশু, বৃদ্ধৰ লগতে নিতৌ কৰ্মস্থলীলৈ যোৱা লোকসকলে যাতায়তৰ বাবে অসুবিধাত পৰিছে ৷ নিতৌ কেইবা শতাধিক লোকে অহা যোৱা কৰা পথটোৰে এতিয়া কোনো ধৰণৰ বাহন অহা যোৱা কৰিব নোৱাৰাত পৰিছে ৷ আনকি জৰুৰীকালীন সেৱাৰ বাবেও অঞ্চলটোৰ ভিতৰতো যাব নোৱাৰে কোনো এম্বুলেঞ্চ ৷ ফলত অঞ্চলটোৰ এজন ৰোগীক সাঙীত বান্ধি আনি হাস্পতাললৈ নিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

স্থানীয় ৰাইজে জনোৱা অনুসৰি পূৰ্বৰে পৰা কেঁচা আছিল পথটো ৷ নিৰ্বাচনৰ সময়ত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ৰাস্তাটো পকী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিলৈ পথছোৱা পকীকৰণ নহ'ল ৷ অনতিপলমে পথছোৱা নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাই স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : বাৰিষাৰ পথাৰ নে যাতায়তৰ বাবে এটা পথ ! বিপাঙত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.