ETV Bharat / state

Viral photo of Nalbari civil hospital: চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষত সুখনিদ্ৰা দুটা কুকুৰৰ

author img

By

Published : Oct 29, 2022, 1:05 PM IST

এখন চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষৰ বিচনা আৰু টেবুলত শুই থকা দেখা গৈছে দুটা কুকুৰ (Dog entered in Hospital emergency ward) ৷ চ’ছিয়েল মিডিয়াত ইয়াকে লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ ফটোখন নলবাৰী অসামৰিক চিকিৎসালয়ৰ বুলি চৰ্চিত হৈছে (Viral photo of emergency ward of Hospital) ৷

Viral photo of Nalbari civil hospital
Viral photo of Nalbari civil hospital

নলবাৰী, 29 অক্টোবৰ: এখন বিশেষ ফটোৱে তোলপাৰ লগাইছে সমগ্ৰ নলবাৰী জিলাত ৷ নলবাৰী জিলাৰ চিকিৎসা খণ্ডৰ প্ৰাণকেন্দ্ৰ স্বৰূপ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষৰ বুলি চৰ্চিত এই ফটোখন দেখিলে আপুনিও ভাবিব এইখন পশু চিকিৎসালয় নে মানুহৰ চিকিৎসা কৰা চিকিৎসালয় (Viral photo of emergency ward of Hospital) ৷

চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষৰ বিচনা আৰু টেবুলত শুই থকা দেখা গৈছে দুটা কুকুৰ (Dog entered in Hospital emergency ward) ৷ চ’ছিয়েল মিডিয়াত ইয়াকে লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে (Nalbari Civil hospital dog controversy) ৷

ফটোখন নলবাৰী অসামৰিক চিকিৎসালয়ৰ বুলি চৰ্চিত হোৱাৰ পাচতেই এতিয়া বিভিন্নজনে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ একাংশৰ মতে নিয়োজিত কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এইদৰে জৰুৰীকালীন কক্ষত প্ৰৱেশ কৰিব পাৰিছে কুকুৰে ৷ আন একাংশই আকৌ কুকুৰে ৰোগীক অনাকাংক্ষিতভাৱে আক্ৰমণ কৰিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে (Swahid Mukunda Kakati civil hospital) ৷

ইয়াৰ পূৰ্বেও ভাৰতত চিকিৎসালয়ৰ কক্ষত কুকুৰে ৰোগীক অনিষ্ট কৰাৰ ঘটনা সংঘটিত হৈছে ৷

হাৰিয়ানাৰ পাণিপথত যোৱা জুন মাহত চিকিৎসালয়ৰ ভিতৰৰ পৰাই কুকুৰে কামুৰি লৈ যায় এটি নৱজাতকক ৷ পৰৱৰ্তী সময়ত নৱজাতকটিৰ মৃত্যু ঘটে (Dog killed newborn baby in Panipat) ৷ একেদৰে যোৱা মে’ মাহত পশ্চিমবংগৰ শিলিগুৰিৰ সমীপৰ ফুলবাৰীত এখন চৰকাৰী চিকিৎসালয়ৰ ভিতৰৰ পৰাই কুকুৰে লৈ যায় ৰোগীৰ কটা হাত ৷ সেই হাতখন অৰ্থ’পেডিক চাৰ্জাৰীৰ দ্বাৰা পুনঃ সংস্থাপনৰ বাবে ৰখা হৈছিল ৷

এতিয়া মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বুলি চৰ্চিত হোৱা ফটোখন যদি সত্য প্ৰমাণিত হয় তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ বিয়াগোম চিকিৎসা বিভাগে (Swahid Mukunda Kakati civil hospital controversy) ৷ সততে বিভিন্ন মন্তব্যৰে চৰ্চাত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজা সমষ্টিত এইধৰণৰ ঘটনা সংঘটিত হোৱাতো সঁচাকৈয়ে লজ্জাজনক ৷

লগতে পঢ়ক: চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত কুকুৰে খালে ৰোগীৰ হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.