ETV Bharat / state

Cheating in Love : নলবাৰী আৰক্ষীৰ জিম্মাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডল বিষয়া; গুৰুতৰ অভিযোগ প্ৰেমিকাৰ

author img

By

Published : Aug 19, 2023, 2:04 PM IST

প্ৰেমিকাক প্ৰতাৰণা কৰাৰ অভিযোগত নলবাৰীত আটক হ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডল বিষয়া । এজাহাৰৰ ভিত্তিত নলবাৰী আৰক্ষীৰ জিম্মাত অভিযুক্ত উপ সংমণ্ডল বিষয়াগৰাকী ।

Cheating in Love
আৰক্ষীৰ জালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SDO

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডল বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰেমিকাৰ

নলবাৰী, 19 আগষ্ট: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডল বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ প্ৰেমিকাক প্ৰতাৰণা কৰাৰ অভিযোগত নলবাৰীত আটক হ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডল বিষয়া । উল্লেখযোগ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া সমীৰণ দাসে নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত হৈ থকা অৱস্থাতে সম্পৰ্ক গঢ়ি উঠিছিল নলবাৰীৰে এগৰাকী যুৱতীৰ সৈতে ৷ সমীৰণ দাসে যুৱতীগৰাকীক আঙুঠি পিন্ধাই বিয়াৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে ।

দুয়োখন ঘৰৰ সমৰ্থনত বিয়াৰ সিদ্ধান্তলৈ আগবাঢ়ি গৈছিল দুয়োৰে সম্পৰ্কটো । হঠাৎ প্ৰেমিকাক নজনোৱাকৈ প্ৰেমিক সমীৰণ দাসে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ বদলি হৈ অন্য এগৰাকী যুৱতীৰে সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপিত কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে । ইয়াৰ পিছতেই যুৱতীগৰাকীয়ে ন্যায় বিচাৰি নলবাৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

ভুক্তভোগী যুৱতীগৰাকীৰ চাৰি পৃষ্ঠাৰ এজাহাৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে অভিযান চলাই অভিযুক্ত সমীৰণ দাসক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । নলবাৰী আৰক্ষীৰ হাতত আটক হোৱা সমীৰণ দাসৰ ঘৰ শুৱালকুছিত বুলি জানিব পৰা গৈছে ৷ আটক হোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া সমীৰণ দাস বৰ্তমান গুৱাহাটীৰ হেঙেৰাবাৰী জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয় কৰ্মৰত বুলি জানিব পৰা গৈছে ।

ভুক্তভোগী যুৱতীগৰাকীয়ে সমীৰণ দাসে দিন বাগৰি যোৱাৰ লগে লগে যুৱতীগৰাকীৰ পৰা ধন, গাড়ী, মাটি-ঘৰকে ধৰি গুৱাহাটীত মাটি কিনিবলৈও ধন দাবী কৰাৰ বিস্ফোৰক অভিযোগ সংবাদ মাধ্যমৰ আগত উত্থাপিত কৰে । সম্প্ৰতি নলবাৰীৰ আৰক্ষীয়ে জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়া সমীৰণ দাসক ।

লগতে পঢ়ক: Dengue cases rise in Diphu : ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ; আক্ৰান্ত 2041, মৃত্যু 4 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.