Good news for Nalbari Medical College: নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ অনুমোদন এনএমচিৰ

author img

By

Published : Mar 15, 2023, 10:00 PM IST

NMC Certified To Nalbari Medical College and Hospital

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত নলবাৰীবাসীৰ বাবে আহিল সুখবৰ । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে স্বীকৃতি দিলে নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ক(NMC approves Nalbari Medical College) । ইয়াৰ পাছতে নলবাৰীত বৈছে আনন্দৰ বন্যা । ১০০খন এমবিবিএছ আসনেৰে চলিত বৰ্ষৰ পৰাই আৰম্ভ হ'ব পাঠদান ।

নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ অনুমোদন এনএমচিৰ

গুৱাহাটী, ১৫ মাৰ্চ: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে সুখবৰ । ৰাজ্যৰ চিকিৎসা খণ্ডত পুনৰ সংযোজন হ’ল আন এখন চিকিৎসা মহাবিদ্যালয় । কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাছত নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়কো চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠদানৰ বাবে আনুষ্ঠানিক অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (NMC) । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ(National Medical Commission) 'মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড'ৰ(Medical Assessment and Rating Board) অধ্যক্ষই যোৱা নিশা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এনএমচিৰ ফালৰ পৰা ই-মেইলযোগে এখন পত্ৰ প্ৰেৰণ কৰি এই অনুমতিৰ বিষয়ে অৱগত কৰে(NMC approves Nalbari Medical College) ।

নতুন চিকিৎসা মহাবিদ্যালয়খনক ২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰাই ১০০ খন এমবিবিএছ আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি কৰিবলৈ অনুমতি প্ৰদানৰ বাবে দেশৰ চিকিৎসা শিক্ষা নিয়ামক সৰ্বোচ্চ কৰ্তৃপক্ষ এনএমচিয়ে সিদ্ধান্ত লোৱাৰ বিষয়ে পত্ৰখনত উল্লেখ কৰা হৈছে । নলবাৰী চিকিৎসা মহাবিদ্যালয়েও এনএমচিৰ অনুমোদন লাভ কৰাৰ সূত্ৰে অসমত চিকিৎসা মহাবিদ্যালয়ৰ(Medical College in Assam) সংখ্যা বাৰখনলৈ বৃদ্ধি ঘটিল । ইয়াৰ লগে লগে ৰাজ্যখনত চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত উপলব্ধ আসনৰ মুঠ সংখ্যাও ১৫০০খনলৈ বৃদ্ধি পালে(NMC Certified To Nalbari Medical College and Hospital) ।

উল্লেখ্য যে, এনএমচিৰ বিশেষজ্ঞ দলে যোৱা ২৭ ফেব্ৰুৱাৰীত নলবাৰী চিকিৎসা মহাবিদ্যালয় আকস্মিক পৰিদৰ্শন কৰি নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিকে ধৰি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সুবিধা বিষয়ক এনএমচিৰ নিৰ্ধাৰিত চৰ্তাৱলী পূৰণ হৈছে নে নাই, চৰজমিন পৰীক্ষা কৰে । বিশেষজ্ঞ দলটোৱে পৰিদৰ্শনৰ অন্তত এনএমচিৰ' মেডিকেল এছেছমেণ্ট এণ্ড ৰেটিং বোৰ্ড'ৰ ওচৰত দাখিল কৰা প্ৰতিবেদন পৰ্যালোচনা কৰি এমএআৰবিয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিকে বিভিন্ন দিশত সন্তুষ্ট হৈ অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি আয়োগৰ ফালৰ পৰা প্ৰেৰণ কৰা পত্ৰখনত প্ৰকাশ কৰিছে ।

পত্ৰখনত উল্লেখ কৰা মতে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিগত সা-সুবিধা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাবাস-ছাত্ৰী আবাস, চিকিৎসালয়, পৰ্যাপ্ত সংখ্যক অভিজ্ঞ অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ উপলবদ্ধতাৰ লগতে এনএমচিৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলীসমূহ পূৰণ কৰিবলৈ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খন সক্ষম হৈছে । নলবাৰী চিকিৎসা মহাবিদ্যালয়েও শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ(Srimanta Sankardeva University of Health Sciences) অধীনত এমবিবিএছ পাঠ্যক্ৰম পৰিচালনা কৰিব পাৰিব ।

ইফালে, কোকৰাঝাৰ আৰু নগাঁৱৰ পাছত নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈও এনএমচিৰ অনুমোদনক আদৰণি জনাইছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । এনএমচিৰ এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নলবাৰীবাসীৰ লগতে ৰাজ্যবাসী আৰু নতুন চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, বিভাগীয় মূৰব্বী তথা অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকে ধৰি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনায় ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাৰ বিশেষ ভাৱে শলাগ লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, 'মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব, দূৰদৰ্শী পৰিকল্পনা আৰু বিশেষ উদগণিৰ বাবেই ৰাজ্যৰ এই দ্বাদশখন চিকিৎসা মহাবিদ্যালয়েও চলিত বৰ্ষৰ পৰাই পাঠ্যক্ৰম মুকলিৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ'ল । ৰাজ্যবাসীৰ বাবে আগন্তুক দিনত অত্যাধুনিক তথা সুলভ চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোৱা দূৰদৰ্শী সিদ্ধান্তৰ বাবেই ৰাজ্যৰ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ দিশত আমাৰ চৰকাৰ আগবাঢ়িছে ।

২০২৬ চনৰ ভিতৰত ৰাজ্যখনত ২৪ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে । ইয়াৰ অংশ হিচাপে চলিত বৰ্ষত ইতিমধ্যে কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ে অনুমতি লাভ কৰাৰ পাছত এতিয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়েও ৰাজ্যৰ দ্বাদশখন চিকিৎসা মহাবিদ্যালয় ৰূপে এই বছৰৰ পৰাই পাঠ্যক্ৰম মুকলিৰ অনুমতি পাবলৈ সক্ষম হোৱাটো আমাৰ সকলোৰে বাবেই অতি গৌৰৱৰ বিষয় ।

লগতে পঢ়ক: State Film Award Controversy :বঁটা বিতৰ্কক লৈ কি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.