State Film Award Controversy :বঁটা বিতৰ্কক লৈ কি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ?

author img

By

Published : Mar 15, 2023, 2:22 PM IST

assam state film award 2023 controversy

সাংস্কৃতিক বিভাগৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে দিলে স্পষ্টিকৰণ, দৰাচলতে অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটাটো নাহিদ আফ্ৰিনেহে পাইছে (Nahid Afrin Ansari receives Assam film awards) ৷ সবিশেষ আগলৈ-

সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

গুৱাহাটী,১৫ মাৰ্চ : ৰাজ্যজুৰি অব্যাহত আছে বঁটা বিতৰ্ক (Assam state film award 2023 controversy ) । সোমবাৰে কলাক্ষেত্ৰত বিভিন্ন শিতানত প্ৰদান কৰা হৈছিল অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা । শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ শিতানত ২০১৮ বৰ্ষৰ বঁটা লাভ কৰিছিল কণ্ঠশিল্পী নাহিদ আফ্ৰিনে (Nahid Afrin Ansari receives the Assam film awards) । এই বঁটা প্ৰদানৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ । কাৰণ নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটাটো প্ৰদান কৰা হৈছে, সেই গীতটো নাহিদে গোৱা নাছিল, গাইছিল ৰূপজ্যোতি দেৱীয়েহে ।

‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা-ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল । অৱশ্যে এই সন্দৰ্ভত নাহিদ আফ্ৰিনে ইতিমধ্যে স্পষ্টীকৰণ দিছে । কিন্তু বিষয়টোকলৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ।

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে চতুৰ্থ দিনা এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । সমগ্ৰ ঘটনাটো স্পষ্ট কৰি তেওঁ কয় যে বঁটাসমূহ প্ৰদান কৰাৰ বাবে চলচ্চিত্ৰ জগতখনৰে জড়িত ব্যক্তিৰে এখন পেনেল গঠন কৰা হয় । আনহাতে বঁটাৰ বাবে চলচ্চিত্ৰৰ বিজ্ঞাপন যোগে মনোনয়ন বিচৰা হয় । সেই অনুসৰি প্ৰযোজক-পৰিচালকে বিভিন্ন শিতানৰ বাবে মনোনয়ন দি প-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰে ।

বিতৰ্ক হোৱা ছবিখনৰ গানৰ প্ৰসংগত তেওঁ কয় যে ‘নিজান গানৰ’ ছবিখনৰ প্ৰযোজক-পৰিচালকে এখন প্ৰ-পত্ৰত ‘ফিমেল প্লেবেক চিংগাৰ’ হিচাপে নাহিদ আফ্ৰিনৰ নাম মনোনয়ন কৰিছিল । তাৰ ওপৰত ভিত্তি কৰি জুৰী সদস্য সকলে বঁটা প্ৰদান কৰে । তেওঁ স্পষ্ট কৰি কয় যে প্ৰযোজক আৰু পৰিচালকে মনোনয়ন দিয়া নাহিদ আফ্ৰিনকে বঁটাটো প্ৰদান কৰা হৈছে । কিন্তু ভুলতে 'নীলাতে লুকা-ভাকু' গানটো ব্ৰেকেটত উল্লেখ কৰা হ'ল । এইটো এটা মানৱ ভুল ।

'নীলাতে লুকা-ভাকু' এই গানটো দ্বৈত কণ্ঠৰ । এই গীতটো যদিও ভাল গান কিন্তু জুৰীয়ে ইয়াক নিৰ্বাচিত কৰিব নোৱাৰে । কাৰণ ছবিখনৰ প্ৰযোজক-পৰিচালকে নাহিদ আফ্ৰিনৰ নামটো মনোনিত কৰি থৈছে । যাৰ বাবে বঁটাটো নাহিদ আফ্ৰিনকে দিয়া হৈছে । মানুহৰ দ্বাৰা হোৱা এটা ভুলক লৈ ইমান হৈ-চৈ নকৰি ইমানতে সামৰা উচিত বুলি তেওঁ কয় ।

লগতে পঢ়ক : State film award 2023 Nahid Afrin controversy: বিধানসভা চৌহদত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.