ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত নলবাৰীত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 3:25 PM IST

নলবাৰীত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। নলবাৰী চহৰৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

nalbari-protest
নলবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

নলবাৰী, 3 অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে।

নলবাৰী চহৰৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী । ৰাজ্যত অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যোগান বিভাগৰ লগতে চৰকাৰৰ বিৰোধী বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়ক: হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.