ETV Bharat / state

নলবাৰীত ডাম্পাৰ লৈ উধাও চোৰ, চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

author img

By

Published : Dec 15, 2020, 6:51 PM IST

nalbari-dumper-thieft
নলবাৰীত ডাম্পাৰ লৈ উধাও চোৰ, চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

নলবাৰী টাউনৰ ৫ নম্বৰ ৱাৰ্ডৰ নিবাসী অহেদুৰ ৰহমানৰ ডাম্পাৰ গাড়ীখন পূৰ্বৰ দৰে নিশা গাড়ীৰ চালকে হৰিপুৰৰ পেট্ৰ'ল পাম্পৰ চৌহদত থয় । পিছদিনা যেতিয়া গাড়ীৰ চালকজনে আহি পেট্ৰ'ল পাম্পৰ কেম্পাচত গাড়ীখন দেখা নাপাই গাড়ীৰ মালিক অহেদুৰ ৰহমানক গাড়ীখন ৰখাই থোৱা স্থানত নথকা বুলি অৱগত কৰে ।

নলবাৰী, 15 ডিচেম্বৰ : নলবাৰীত দিনক দিনে বৃদ্ধি পাব ধৰিছে চোৰৰ সন্ত্ৰাস । সোমবাৰৰ নিশা পুনৰ জিলাখনৰ হৰিপুৰৰ পেট্ৰ'ল পাম্পৰ পৰা AS 19 C 7194 নম্বৰৰ এখন ডাম্পাৰ গাড়ী চোৰে লৈ উধাও হোৱা ঘটনাক কেন্দ্ৰ কৰি নলবাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

নলবাৰীত ডাম্পাৰ লৈ উধাও চোৰ, চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নলবাৰী টাউনৰ ৫ নম্বৰ ৱাৰ্ডৰ নিবাসী অহেদুৰ ৰহমানৰ ডাম্পাৰ গাড়ীখন পূৰ্বৰ দৰে নিশা গাড়ীৰ চালকে হৰিপুৰৰ পেট্ৰ'ল পাম্পৰ চৌহদত থয় । পিছদিনা যেতিয়া গাড়ীৰ চালকজনে আহি পেট্ৰ'ল পাম্পৰ ওচৰত গাড়ী খন দেখা নাপায়, তেতিয়াই চালক জনে গাড়ীৰ মালিক অহেদুৰ ৰহমানক গাড়ীখন ৰখাই থোৱা স্থানত নথকা বুলি জানিবলৈ দিয়ে । পিছত এই ঘটনা সন্দৰ্ভত গাড়ীৰ মালিক আৰু চালকে নলবাৰী সদৰ আৰক্ষী থানাত ঘটনাৰ সবিশেষ অৱগত কৰে । গাড়ীখনৰ জি পি এছৰ সহায়ত বিচাৰ খোচাৰ কৰা হয় যদি অৱশেষত গাড়ীৰ খনৰ জি পি এছ চোৰৰ দলটোৱে শ্বিলঙত নষ্ট কৰি দিয়াৰ বিষয়ে জানিব পাৰে ।

উল্লেখ্য যে, বিগত দুমাহ ধৰি নলবাৰী জিলাত বেংক ডকাইতিকে ধৰি নিশা গাড়ী চোৰৰ সন্ত্ৰাস বৃদ্ধি হৈছে । যোৱা কিছু সপ্তাহ আগত নলবাৰীৰ পল্লাৰোডস্থিত পেট্ৰ'ল পাম্পৰ সন্মুখৰ পৰা এখন স্কৰ'পিও গাড়ীও চোৰ হৈছিল । দিনে দিনে বাঢ়ি অহা এই চোৰৰ তাণ্ডৱৰ কাৰণে এতিয়া সচেতন মহলে নলবাৰী আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে ।
লগতে পঢ়ক: মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.