ETV Bharat / state

Nalbari Congress: ৰাজ্যত সামগ্ৰীৰ দামবৃদ্ধিৰ মূলতে বিজেপিৰ ছিণ্ডিকেট; নলবাৰী কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:46 PM IST

Nalbari Congress
Nalbari Congress

চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে মিছন বসুন্ধৰাত গৰিয়া সম্প্ৰদায়ৰ লোকক বঞ্চিত কৰিছে ৷ অভিযোগ নলবাৰী জিলা কংগ্ৰেছৰ । অসমত কাঠৰ ছিণ্ডিকেটৰ অভিকেন্দ্ৰ নলবাৰী বুলি কোৱাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৃষ্ঠপোষকতাতেই চাকৰিৰ ক’লা বজাৰ বহাই নলবাৰীৰ পৰা অধিক চাকৰিৰ দালাল আটক হোৱা বুলি সংবাদমেলযোগে অভিযোগ উত্থাপন কৰে নলবাৰী জিলা কংগ্ৰেছে ৷

নলবাৰী জিলা কংগ্ৰেছৰ সংবাদমেল

নলবাৰী, ২৬ আগষ্ট: ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি শনিবাৰে সংবাদমেল সম্বোধন কৰে নলবাৰী জিলা কংগ্ৰেছে ৷ অসম চৰকাৰৰ মিছন বসুন্ধৰাত নলবাৰী জিলাৰ ধৰ্মীয় সংখ্যালঘু লোকক বঞ্চিত কৰাৰ বিস্ফোৰক অভিযোগ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ ।

জিলাখনত মিছন বসুন্ধৰাৰ জৰিয়তে গৰিয়া লোকসকলে ভূমিৰ বাবে কৰা আবেদন প্ৰক্ৰিয়াত চৰকাৰে জিলা প্ৰশাসনৰ একাংশ উচ্চ পদস্থ বিষয়াৰ জৰিয়তে স্থগিত ৰখাই পুনৰীক্ষণৰ দোহাই দিয়াৰ অভিযোগ আনে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

আনহাতে অসমত মূল্যবৃদ্ধিৰ মূল কাৰণ ছিণ্ডিকেট বুলি দাবী কৰে জিলা কংগ্ৰেছে । অসমৰ কাঠৰ ছিণ্ডিকেটৰ মূল অভিকেন্দ্ৰ নলবাৰী বুলি মন্তব্য কংগ্ৰেছ নেতা ৰাতুল পাটোৱাৰীৰ । বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ গোবিন সৰকাৰে বৰপেটাকে ধৰি ভিন্ন প্ৰান্তত কাঠৰ ছিণ্ডিকেট চলাই থকা বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে তেওঁ কয় যে অসমত খাদ্য সামগ্ৰীকে ধৰি যিমান বস্তুৰ দামবৃদ্ধি হৈ আছে ইয়াৰ মূল কাৰণ বিজেপি নেতা-পালি নেতাই চলাই থকা ছিণ্ডিকেট। তেওঁ ব্ৰইলাৰ আমদানিৰ ক্ষেত্ৰত পূৰ্বতে কোনো ধৰণৰ কৰ অবিহনে পশ্চিমবংগৰ পৰা সূচাৰুৰূপে অসমলৈ ব্ৰইলাৰ আমদানি হৈ থকা বুলি কৈ বৰ্তমান শ্ৰীৰামপুৰৰ পৰা প্ৰতি জিলাই জিলাই অতিৰিক্ত টেক্স তথা ছিণ্ডিকেটৰ ধন দিব লগাত ৰাজ্যবাসীয়ে অধিক দামত ব্ৰইলাৰ ক্ৰয় কৰিব লগা হৈছে বুলি উল্লেখ কৰে ।

ইফালে স‌ংবাদমেলতেই ইন্দ্ৰাণীকাণ্ড আৰু চাকৰিৰ ক’লা বজাৰৰ মূল অভিকেন্দ্ৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বুলি কয় নলবাৰী জিলা কংগ্ৰেছে । নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা আহ্বায়ক দিব্যজ্যোতি হালৈয়ে কয় যে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ দিনতে নলবাৰীত চাকৰিৰ ক’লা বজাৰ বহাই নলবাৰীবাসীক গোটেই অসমৰ আগত লজ্জানত কৰি তুলিছে । যাৰ বাবে ইন্দ্ৰাণীকাণ্ডত অধিক চাকৰিৰ দালাল নলবাৰীৰ পৰা আটক হোৱা বুলি কয় দিব্যজ্যোতি হালৈয়ে ।

অনাগত দিনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নলবাৰীবাসীৰ সন্মান বিঘ্নিত নকৰিবলৈ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে সংবাদমেলত আহ্বান জনায় । লগতে তেওঁ কয় যে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাতেই চাকৰিৰ ক’লা বজাৰখন নিয়ন্ত্ৰণ হৈ আছে । নলবাৰীৰ পৰা অধিক চাকৰিৰ দালাল আটক হোৱাত উদ্বেগ প্ৰকাশ কৰে নলবাৰী জিলা কংগ্ৰেছে ।

লগতে পঢ়ক: APCC: বিজেপিৰ পাছত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ সমন্বয়কৰ প্ৰশিক্ষণ; মৰাণহাটত বিশেষ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.