ETV Bharat / state

নলবাৰীৰ SUCI ৰ কাৰ্যালয় লণ্ড-ভণ্ড দুৰ্বৃত্তৰ

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 9:23 PM IST

নলবাৰীৰ SUCI ৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ । দৰ্জা ভাঙি ভাবুকিৰে প্ৰৱেশ কৰি দলিয়ালে বেনাৰ । আলমিৰাৰ পৰা নিলে গুৰুত্বপূৰ্ণ কাগজৰ ফাইল ।

miscreants vandalize SUCI office in Nalbari
SUCI office in Nalbari

নলবাৰীৰ SUCI ৰ কাৰ্যালয় লণ্ড-ভণ্ড দুৰ্বৃত্তৰ

নলবাৰী, ১৬ নৱেম্বৰ: নলবাৰীৰ SUCI কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ গুণ্ডাগিৰি । কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে বাহিৰলৈ দলিয়াই পেলালে সংগঠনটোৰ নথি-পত্ৰ । আনকি দুৰ্বৃত্তই জংঘললৈ দলিয়াই দিলে শ্বহীদ কনকলতা বৰুৱা, শ্বহীদ মুকুন্দ কাকতি, ভগত সিং আদিৰ দৰে মহান শ্বহীদসকলৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ ।

কোনে কি উদ্দেশ্যেৰে কাৰ্যালয়টোত উদ্ভণ্ডালি চলালে তাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ উল্লেখযোগ্য যে SUCI য়ে দীৰ্ঘদিনৰে পৰা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবীত অব্যাহত ৰাখিছিল প্ৰতিবাদ । তাৰ বাবেই সংগঠনটো আজি দুৰ্বৃত্তৰ আক্ৰোশৰ বলি হোৱাৰ অভিযোগ সংগঠনটোৰ নেতা-কৰ্মীৰ ।

উল্লেখযোগ্য যে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ উদ্বোধনী সভাতে বিষয়টোক লৈ আন্দোলন কৰা সকলক দিছিল মুকলি ধমক ৷ আজি নিশাৰ ভিতৰতেই নলবাৰী এৰিবলৈ মুকলি ধমক দিছিল জয়ন্ত মল্ল বৰুৱাই । তাৰ কিছু সময় পিছতেই সংগঠনটোৰ কাৰ্যালয়ত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ।

যাক লৈ মন্ত্ৰীৰ নিৰ্দেশতে SUCI ৰ কাৰ্যালয়ত উদ্ভণ্ডালি চলাৰ অভিযোগ SUCI ৰ নেতা-কৰ্মীৰ । SUCI ৰ নেতা-কৰ্মী সকলে আন দৰ্জাৰে ওলাইহে একপ্ৰকাৰ প্ৰাণ বচোৱা বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত । সম্প্ৰতি ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

উল্লেখ্য যে, নলবাৰী অসামৰিক চিকিৎসালয়খন শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা কাৰ্যত সমগ্ৰ জিলাখনতে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ আছুৰ লগতে SUCI আৰু আন সংগঠনেও প্ৰতিবাদ কৰিছিল এই সিদ্ধান্তৰ বিৰুদ্ধে ৷ কিন্তু সেইসময়ত চৰকাৰে মুকুন্দ কাকতি চিকিৎসালয়খন নতুন ৰূপত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দি প্ৰতিবাদ প্ৰশমিত কৰিছিল ৷

লগতে পঢ়ক: শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিক সকীয়নি জয়ন্তমল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.