ETV Bharat / state

Massive Fire in Assam : একেটা নিশাই যোৰহাট আৰু নলবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Apr 11, 2023, 12:51 PM IST

Massive Fire in Nalbari
নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

নলবাৰীৰ ৰামপুৰত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোত মুঠ ৭ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত ভস্মীভূত হয় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে (Massive fire in Nalbari) ৷ ইফালে একেটা নিশাই যোৰহাটতো সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷

নলবাৰীত অগ্নিকাণ্ডৰ ঘটনা

নলবাৰী/যোৰহাট, 11 এপ্ৰিল: নলবাৰীৰ ৰামপুৰত অঘটন ৷ সোমবাৰে নিশা ৰামপুৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ ৰামপুৰৰ চ'ক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে (Massive fire in Nalbari) ৷

এই ভয়ংকৰ অগ্নিকাণ্ডটোত মুঠ ৭ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান নিমিষতে ভস্মীভূত হয় ৷ ফলত জুইৰ লেলিহান শিখাই দোকানকেইখন আগুৰি ধৰাত অঞ্চলজুৰি এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ক'লা ধোঁৱাই আগুৰি ধৰে সমগ্ৰ অঞ্চলটো ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ৬ খনকৈ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় (Fire broke out at Rampur in Nalbari) ৷

জানিব পৰা মতে, প্ৰথমে ভাইটি কেবিন নামৰ এখন হোটেলত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটে ৷ ইয়াৰ পিচতে এখন এখনকৈ ৬ খন দোকানলৈ জুই বিয়পি পৰে ৷ পাচত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে (Massive fire at Rampur in Nalbari) ৷

এই অগ্নিকাণ্ডত হোটেল, গেলামাৰ দোকান, দুখন ফাৰ্মাচী, কিতাপৰ দোকান, কাঁহ-পিতলৰ দোকানকে আদি কৰি 7 খন দোকান জাহ যায় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় 3 কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে (Massive fire Breaks out at Rampur in Nalbari) ৷ সোমবাৰে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷

উল্লেখযোগ্য যে, ৰামপুৰ অঞ্চলত সঘনাই সংঘটিত হৈ আহিছে অগ্নিকাণ্ডৰ ঘটনা ৷ আনকি পূৰ্বেও এই স্থানত কেইবাবাৰো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ সেয়ে স্থানীয় ৰাইজৰ নিৰাপত্তাৰ দাবীত ৰামপুৰত এটি অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপনৰ বাবে স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে (Fire Breaks out at Rampur in Nalbari) ৷

ইফালে সোমবাৰে নিশা যোৰহাট পুৰণা পাব্লিক বাছ আস্থানৰ কাষতো সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ পুৰণা পাব্লিক বাছ আস্থানৰ কাষতে থকা মকটৱ স্কুলৰ ওচৰৰ এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷ নিমিষতে জুইয়ে আগুৰি ধৰে ব্যৱসায়ীক প্ৰতিষ্ঠানখন ৷ ফলত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷

অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত যোৰহাট অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ ফলত কথমপিহে ভয়াবহ বিপদৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো (Fire broke out in Jorhat) ৷

লগতে পঢ়ক: Chabua Road Accident Case : ডিকমত ক্ষোভিত ৰাইজে জ্বলালে আৰক্ষীৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.