ETV Bharat / state

Eviction in Nalbari: নলবাৰীৰ কুৰিহামাৰী চৰৰ 80 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত প্ৰশাসনৰ

author img

By

Published : Mar 28, 2023, 7:58 PM IST

Eviction in Nalbari
নলবাৰীৰ কুৰিহামাৰী চৰৰ 80 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত প্ৰশাসনৰ

ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলসমূহ বেদখলমুক্ত কৰাৰ বাবে নলবাৰী জিলা প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান ৷ বিগত তিনিদিন ধৰি নলবাৰী জিলা প্ৰশাসনে ধাৰাবাসিকভাৱে চলোৱা উচ্ছেদ অভিযানত বেদখলমুক্ত কৰা হয় প্ৰায় 430 বিঘা চৰকাৰী ভূমি ৷ উচ্ছেদৰ পাচতেই এতিয়া উচ্ছেদিতসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ (Illegally occupied govt land) ৷

নলবাৰীৰ কুৰিহামাৰী চৰৰ 80 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত প্ৰশাসনৰ

নলবাৰী, 28 মাৰ্চ: চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলতো বেদখলকৃত ভূমিত চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ বিগত তিনিদিন ধৰি বৰক্ষেত্ৰীৰ চৰত চলাই থকা হৈছে উচ্ছেদ ৷ মঙলবাৰে কুৰিহামাৰী চৰৰ 80 বিঘা ভূমিত বুলড’জাৰ চলাই প্ৰশাসনে উচ্ছেদ কৰিলে 14 টা পৰিয়ালৰ বাসগৃহ (Nalbari eviction drive) ৷

সোমবাৰেও প্ৰশাসনে নোৱাপাৰা চৰত উচ্ছেদ চলাই বেদখলমুক্ত কৰে 200 বিঘা চৰকাৰী ভূমি ৷ চৰকাৰী ভূমি বেদখল কৰা 24 টা পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে ৷ উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান ৷ বিগত তিনিদিনত মুঠ 430 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লগতে 53 টা পৰিয়ালৰ গৃহ উচ্ছেদ কৰে প্ৰশাসনে (Encroachment in Government land) ৷

বিগত 28 ফেব্ৰুৱাৰীতো নলবাৰী জিলা প্ৰশাসনে 2 নং ভেলামাৰী চৰত উচ্ছেদ চলাই 150 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিছিল ৷ ভেলামাৰী চৰৰ 15 টা বাসগৃহ উচ্ছেদ কৰিছিল প্ৰশাসনে ৷ পৰ্যায়ক্ৰমে চৰাঞ্চলৰ সকলো ভূমি বেদখলমুক্ত কৰা হ’ব সদৰী কৰিছে নলবাৰী জিলা প্ৰশাসনে (Eviction in Nalbari) ৷

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পাচতেই এতিয়া উচ্ছেদিত লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ আশ্ৰয়স্থলীৰ অভাৱত বিপদত পৰিছে উচ্ছেদিত পৰিয়ালসমূহ ৷ উচ্ছেদিত লোকসকলে অৱগত কৰা অনুসৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত সৰ্বহাৰা হোৱাৰ বাবেহে চৰকাৰী ভূমিত বাস কৰিছে ৷ যাৰ বাবে উচ্ছেদিত লোকসকলে চৰকাৰক পুনঃসংস্থাপন দিয়াৰ বাবে আহ্বান জনাইছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এইদৰে চৰকাৰী বেদখলকৃত ভূমিত প্ৰশাসনে অব্য৷হত ৰাখিছে উচ্ছেদ ৷ ইতিমধ্যেই বেদখলকৃত বনাঞ্চল, সত্ৰ, চৰাঞ্চল আদিত উচ্ছেদ চলাইছে প্ৰশাসনে ৷ বেদখল হোৱা প্ৰাকৃতিক হ্ৰদ, জলাশয় আদিতো উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ (Assam eviction drive) ৷

লগতে পঢ়ক: Mission Flood Free Guwahati: বানমুক্ত কৰাৰ বাবে বাহিনী নৈৰ কাষৰ ভূমিও অধিগ্ৰহণ কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.