ETV Bharat / state

নলবাৰীত পাঁচদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন

author img

By

Published : Apr 5, 2019, 11:44 AM IST

নাগৰা নাম,যাত্ৰাপাৰ্টীকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তাই। 4 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই পূজা প্ৰতিমাক বেদীত প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰতিমা লৈ অঞ্চলটোত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়

NALBARI

নলবাৰী , 05এপ্ৰিলঃ নলবাৰীৰ নতুন খেলুৱাত পাঁচ দিনীয়াকৈ কালীপূজা আৰু সভা মহোৎসৱ। ৰাইজৰ অপায় অমংগল নাশ হোৱাৰ লগতে সমাজত শান্তিৰ বাবে এই পূজা আয়োজন কৰি আহিছে নতুন খেলুৱাবাসীয়ে।

পাঁচ দিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন

4 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই পূজা প্ৰতিমাক বেদীত প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰতিমা লৈ অঞ্চলটোত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । ঢুলীয়া, ওজাপালি,বেণ্ড পাৰ্টিৰ লগতে হৰিনামেৰে মুখৰিত কৰি তোলে অঞ্চলটোৰ চৌপাশ। সাংস্কৃতিক শোভাযাত্ৰা কৰি দেৱীৰ মূৰ্তি বেদীত প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা আগবঢ়াই ৰাইজে। কালীপূজাত ফটকা ,আতচবাজী জ্বলাই সকলোৱে আনন্দ কৰা পৰিলক্ষিত হৈছে। ইফালে পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই পূজাত নাগৰা নাম,যাত্ৰাপাৰ্টীকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তাই।

Slug Name Kali Puja
5Apr19
Story FTP 


OCVO=নলবাৰীৰ নতুন খেলুৱাত পাচ দিনীয়াকৈ কালীপূজা আৰু সভা মহোৎসৱ। বিগত বছৰ সমূহৰ দৰে এইবেলিও ১১ তত কালীপূজা ৰাইজৰ অপায় অমংগল নাশ হোৱাৰ লগতে সমাজত শান্তিৰ বাবে এই পূজা আয়োজন কৰি আহিছে নতুন খেলুৱাবাসীয়ে। ৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই পূজা প্ৰতিমা বেদীত প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰতিমা লৈ অঞ্চল টোত এক সাংস্কৃতিক শোভাযাত্ৰা কৰে।ঢুলীয়া ওজাপালি,বেন্ডপাৰ্টিৰ লগতে হৰিনামৰে মুখৰিত কৰি তোলে অঞ্চলটোৰ চৌপাশে।সাংস্কৃতিক শোভাযাত্ৰা কৰি মূৰ্তি ক বেদীত প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা আগবঢ়াই ৰাইজে। কালীপূজাত  ফটকা ,আতচবাজী জ্বলাই  সকলোৱে আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে।ইফালে পাচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা এই পূজাত নাগৰা নাম,যাত্ৰাপাৰ্টীকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তাই।

বাইট উদ্যোক্তা।


কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.