ETV Bharat / state

মাখিবাহা ক’ভিড হাস্পতালত আছুৰ ফল-মূল বিতৰণ

author img

By

Published : Jun 10, 2021, 8:58 AM IST

বুধবাৰে মাখিবাহা ক’ভিড হাস্পতাল(Makhibaha Covid Hospital)ত নলবাৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত টিহু আৰু মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাই ক’ভিড ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে চিকিৎসক-চিকিৎসা কৰ্মীক সম্বৰ্ধনা জনায় ৷

Fruit_Distribute_at_Covid_Hospital_by_AASU
মাখিবাহা ক’ভিড হাস্পতালত আছুৰ ফল-মূল বিতৰণ

নলবাৰী,10 জুন : বুধবাৰে মাখিবাহা ক’ভিড হাস্পতাল(Makhibaha Covid Hospital)ত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা(nalbari aasu)ৰ নেতৃত্বত টিহু আৰু মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাই ক’ভিড ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।

উল্লেখ্য যে, মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়(Makhibaha Mahatma Gandhi Model Hospital)ত ক’ভিড ৰোগীৰ বাবে নিয়োজিত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে দিনে-নিশাই ক’ভিড ৰোগীক সেৱা আগবঢ়াই অহাৰ লগতে প্ৰতিটো মুহুৰ্তত স্বাস্থ্য পৰীক্ষা কৰি উন্নত মানৰ চিকিৎসা প্ৰদান কৰা বুলি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল ।

মাখিবাহা ক’ভিড হাস্পতালত আছুৰ ফল-মূল বিতৰণ

ইয়াৰ পিছতে বুধবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ নেতৃত্বত টিহু আৰু মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দল চিকিৎসালয়খনত উপস্থিত হৈ ক’ভিড ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে ৷ লগতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক : ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ নলবাৰীত উপস্থিত ৰাজ্যৰ মুখ্য সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.