ETV Bharat / state

বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ পাঁচগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি

author img

By

Published : Nov 3, 2021, 10:02 PM IST

মুকালমুৱাত পাঁচ গৰাকী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে । অনিয়মৰ আশ্ৰয় লোৱাৰ বাবে বৰক্ষেত্ৰী উন্নয়ন খণ্ডত কৰ্মৰত তিনি কনিষ্ঠ অভিযন্তা আৰু দুই কম্পিউটাৰ সহায়কক চাকৰিৰ পৰা দিয়া হৈছে অব্যাহতি ।

Five employees of Barkhetri development sector discharged from their jobs
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ পাঁচগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি

নলবাৰী, 3 নৱেম্বৰ : অনিয়মৰ অভিযোগৰ বাবে মুকালমুৱাত পাঁচ গৰাকী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ।বৰক্ষেত্ৰী উন্নয়ন খণ্ডত কৰ্মৰত তিনি কণিষ্ঠ অভিযন্তা আৰু দুই কম্পিউটাৰ সহায়কক চাকৰিৰ পৰা দিয়া হৈছে অব্যাহতি ।

বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ পাঁচগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি

এমজিএনৰেগা আৰু পিএমএৱাই আঁচনি ৰূপায়নত দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ বাবে বিভাগে অব্যাহতি দিয়ে কৰ্মচাৰী কেইজনক । বৰক্ষেত্ৰী উন্নয়ন খণ্ডত অস্থায়ীভাৱে কৰ্মৰত স্বীকৃতিপ্ৰাপ্ত অভিযন্তা আমানুৰ ৰহমান, আতিকুৰ ৰহমান, আব্দুল কৰিমক অব্যাহতি দিয়া হৈছে ৷ লগতে একে অভিযোগত অস্থায়ীভাৱে কৰ্মৰত কম্পিউটাৰ সহকাৰী মতিউৰ ৰহমান, সুৰজিৎ বৰ্মনক তৎকালেই বলৱৎ হোৱাকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীৰ এক নিৰ্দেশৰ্মে অব্যাহতি দিয়া হয় ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী কেইগৰাকীৰ বিৰুদ্ধে এমজিএনৰেগা আৰু পিএমএৱাই আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগ উঠিছিল আৰু সংশ্লিষ্ট বিভাগে তদন্ত কৰি চাকৰিৰ পৰা অব্যাহতি দিয়ে । বৰক্ষেত্ৰী উন্নয়ন খণ্ডত হোৱা সমগ্ৰ দুৰ্নীতিৰ সঠিক তদন্ত কৰি দুৰ্নীতিত জড়িত বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্র সন্থাই ।

লগতে পঢ়ক: ধৰমতুলৰ কিডনী ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.