ETV Bharat / state

মুকালমুৱাত পাঁচ দুৰ্ধৰ্ষ ডকাইত আটক

author img

By

Published : Jun 21, 2021, 4:46 PM IST

Updated : Jun 21, 2021, 5:28 PM IST

ডকাইতৰ দলটোৱে এসপ্তাহ পূৰ্বে মুকালমুৱাৰ ওচৰৰ দমদমা পথাৰৰ এজন চিকিৎসকৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিছিল । এখন হুণ্ডাই ক্ৰেটা বাহন, নগদ ধন আৰু সোণৰ আ-অলংকাৰ লৈ গৈছিল ডকাইতৰ দলটোৱে । ইতিমধ্যে হুণ্ডাই ক্ৰেটাখন যোৰাবাট আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ।

Docait arrest at Nalbari
মুকালমুৱাত পাঁচ দুৰ্ধৰ্ষ ডকাইত আটক

মুকালমুৱা, 21 জুন : মুকালমুৱা আৰক্ষী (Mukalmua Police)য়ে সোমবাৰে এজন শিক্ষকসহ পাঁচটা দুৰ্ধৰ্ষ ডকাইত(Docait) ক আটক কৰে । মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত এটা দলে অভিযান চলাই আটক কৰে ডকাইত (Docait)ৰ দলকেইটাক । আটকাধীন ডকাইতকেইটা ক্ৰমে আব্দুল মালেক, জাহিদুল হক, জীয়াউৰ হক, ৰহিম আলী আৰু জাকিৰ আলী বুলি জানিব পৰা হৈছে । ইয়াৰে জীয়াউৰ হক, ৰহিম আলী আৰু জাকিৰ আলীক মুকালমুৱা আৰক্ষী (Mukalmua Police)য়ে গড়চুক (Garchuk Police) আৰু জালুকবাৰী আৰক্ষী (Jalukbari Police)ৰ সহযোগত গুৱাহাটী (Guwahati) ৰ বেতকুছি আৰু গাড়ীগাঁৱৰ পৰা আটক কৰে ।

মুকালমুৱাত পাঁচ দুৰ্ধৰ্ষ ডকাইত আটক

আনহাতে, আব্দুল মালেক আৰু জাহিদুল হকক মুকালমুৱা অঞ্চলৰ পৰা আৰক্ষী (Police)য়ে আটক কৰে । আটকাধীন ডকাইত (Docait)কেইটাৰ জাকিৰ আলী পেছাত এজন শিক্ষক বুলি জানিব পৰা হৈছে । ডকাইত (Docait)কেইটাৰ পৰা আৰক্ষীয়ে এটা পিষ্টলসহ নগদ 22 হাজাৰ টকা, পাঁচটা ম’বাইল ফোন আৰু বিভিন্ন সন্দেহযুক্ত সামগ্ৰী জব্দ কৰে । ডকাইতৰ দলটোৱে এসপ্তাহ পূৰ্বে মুকালমুৱাৰ ওচৰৰ দমদমা পথাৰৰ এজন চিকিৎসকৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰি এখন হুণ্ডাই ক্ৰেটা (Hundai Creta) বাহন, নগদ ধনসহ সোণৰ অলংকাৰ লুট কৰি নিছিল ৷

যোৰাবাট আৰক্ষী (Jorabat Police)য়ে ইতিমধ্যে হুণ্ডাই ক্ৰেটা (Hundai Creta) বাহনখন উদ্ধাৰ কৰা বুলি জানিব পৰা হৈছে ৷ ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন অঞ্চলত ডকাইতিকাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । সম্প্ৰতি অধিক তথ্যৰ বাবে অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷

লগতে পঢ়ক : গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

Last Updated : Jun 21, 2021, 5:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.