ৰাম কলৰ পুলিক হাতীৰ পিঠিত উঠাই অনা হ’ল বিল্বেশ্বৰ দেৱালয়লৈ

author img

By

Published : Oct 1, 2022, 8:08 PM IST

Durga Puja at Bilbesvara Devalaya

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত (Bilbesvara Devalaya) আৰম্ভ হৈছে মহাষষ্ঠী । দুশ শতিকা পূৰণি ৰজা নাগক্ষৰ দিনতে স্থাপিত বিল্বেশ্বৰ দেৱালয়ত কৰা নহয় মৃন্ময় মূৰ্তিৰ পূজা-অৰ্চনা । যুগ যুগ ধৰি দেৱালয়খনত ৰাম কলগছৰ পুলিক দেৱীৰ মান্যতা দি দেৱী আকাৰত সজাই পৰাই কৰা হয় পূজা-অৰ্চনা।

নলবাৰী ১ অক্টোবৰ: আজি মহাষষ্ঠী (Durga Puja 2022)। শংখ, ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈছে ৰাজ্যৰ আকাশ-বতাহ ৷ পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হৈছে দুৰ্গতিনাশিনীক ৷ শাৰদীয় দুৰ্গা পূজাকলৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে (Durga Puja 2022 in Assam) । আনহাতে, আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাজ্যৰ পূজা মণ্ডপসমূহ ৷ ন ন আৰ্হিত সজাই তোলা হৈছে পূজা মণ্ডপসমূহ ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে মহাষষ্ঠী । দুশ শতিকা পূৰণি ৰজা নাগক্ষৰ দিনতে স্থাপিত বিল্বেশ্বৰ দেৱালয়ত কৰা নহয় মৃন্ময় মূৰ্তিৰ পূজা-অৰ্চনা । যুগ যুগ ধৰি দেৱালয়খনত ৰাম কলগছৰ পুলিক দেৱীৰ মান্যতা দি দেৱী আকাৰত সজাই পৰাই কৰা হয় পূজা-অৰ্চনা । এই ৰাম কলগছৰ পুলিটো প্ৰতিবছৰে দেৱালয় কৰ্তৃপক্ষই শোভাযাত্ৰা কৰি ককয়াৰ ঢকুৱাবন্ধা গাঁৱৰ প্ৰয়াত উমেশ ভাগৱতীৰ ঘৰৰ পৰা আনে ।

আজিও এইদৰে এমাহ আগতে পূজা-অৰ্চনা কৰি সংৰক্ষণ কৰি থোৱা ৰাম কলগছৰ (Ram kalgas at Nalbari) পুলিটো মা দূৰ্গাৰ আৱাহনী বাহন হাতীৰ পিঠিত তুলি লৈ অনা হ'ল বিল্বেশ্বৰ দেৱালয়লৈ (Durga Puja at Bilbesvara Devalaya) । সন্ধিয়া লগ্ন মতে বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত মা দেৱীৰ মান্যতা দি স্থাপন কৰা হ'ব । উল্লেখ্য যে পৰম্পৰাগত ভাৱে মহানৱমীৰ দিনা ৪৫ টা ম'হ বলি দিয়া হ'ব আৰু ২৩ টা ম'হ মাৰ শ্ৰী চৰণত এৰি দিয়া হ'ব ।

নলবাৰী চহৰৰ পৰা প্ৰায় ১০কিল’মিটাৰ দূৰত্বত অৱস্থিত ৰাজ্যৰ শৈৱ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম এখন দেৱালয় হৈছে বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয় ৷ ইতিহাস প্ৰসিদ্ধ এই দেৱালয়খন স্থাপন কৰিছিল ৰজা নাগাক্ষই ৷ দেৱালয়খন চৰ্চিত হৈ আহিছে ইয়াত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ বাবে ৷ এই দেৱালয়ত প্ৰতিদিনে ভক্তৰ মাজত ভোগ বিতৰণ কৰা হয় ৷

ৰাম কলৰ পুলিক হাতীৰ পিঠিত উঠাই অনা হ’ল বিল্বেশ্বৰ দেৱালয়লৈ

হিন্দু-মুছলমানৰ মাজত ঐক্যৰ ধ্বজাবাহক হিচাপে পৰিচিত দেৱালয়খনৰ এখন ভোগৰ থাল মুছলমান ৰাইজক আগবঢ়োৱাতো পুৰণি প্ৰথা ৷ যি পৰিচিত বেলশৰীয়া খাৰা হিচাপে ৷ মনত থকা দিনৰে পৰা দেৱালয়ৰ নিয়মীয়া পূজাত আগভাগ লৈ আহিছে ইছলামধৰ্মী লোকসকলে ৷ যিয়ে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷

মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱী সজাই দুৰ্গা পূজা কৰাতো দেৱালয়খনৰ অন্যতম বৈশিষ্ট্য ৷ পূৰ্বতে দেৱালয়খনত মূৰ্তি পূজাৰ প্ৰচলন আছিল ৷ কিন্তু প্ৰায় ২৫ বছৰ পূৰ্বৰ পৰা পুৰোহিতে প্ৰতীকী ৰূপত ৰাম কলগছ স্থাপন কৰি দেৱী দশভূজাক পূজা কৰি আহিছে ৷

লগতে পঢ়ক:কেউফালে পূজাৰ উচাহ: বিউটি পাৰ্লাৰ সমূহত লাগিছে অভাৱনীয় ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.