কেউফালে পূজাৰ উচাহ: বিউটি পাৰ্লাৰ সমূহত লাগিছে অভাৱনীয় ভিৰ

By

Published : Oct 1, 2022, 2:05 PM IST

thumbnail

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাক লৈ সৃষ্টি হৈছে ব্যাপক উৎসাহ উদ্দীপনা (Durga Puja 2022) । ধাক-ঢোলৰ শব্দত ৰজনজনাইছে আকাশ বতাহ । পিছে দূৰ্গা পূজা বুলি ক’লে কেৱল সাজ পোছাক, সুস্বাদু খাদ্যই নহয় সৌন্দৰ্য্য চৰ্চায়ো লাভ কৰে এক অনন্য মাত্ৰা । পূজা চাবলৈ আহোঁতে প্ৰত্যেক গৰাকী নাৰীয়ে নিজকে সজাই পৰাই তুলিবলৈ প্ৰয়াস কৰে । সেয়ে ৰঙিয়াৰ বিউটি পৰ্লাৰসমূহতো দেখিবলৈ পোৱা হৈছে যুৱতী-মহিলাৰ ভিৰ (Beauty parlour at Rangia) । মহিলাসকলে নিজকে ধুনীয়াকৈ সজাই-পৰাই তোলাৰ বাবে হেতা-উপৰা লগাইছে বিউটি পাৰ্লাৰত (Beauty parlour at Rangia crowded) । বিউটি পাৰ্লাৰসমূহৰ গৰাকীয়েও গ্ৰাহকসকলক পূজা উপলক্ষে বিশেষ ৰেহাই প্ৰদান কৰিছে । পুৱাৰ পৰা নিশালৈ ব্যস্ততা বাঢ়িছে বিউটি পাৰ্লাৰৰ গৰাকীৰ লগতে কৰ্মচাৰীসকলৰ । বিগত যোৱা দুটা বছৰত কʼভিড মহামাৰীয়ে আৰ্থিকভাৱে ক্ষতি কৰা বিউটি পৰ্লাৰসমূহে এইবেলি আশাৰ ৰেঙনি দেখিবলৈ পাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.