ETV Bharat / state

Ayushman Bhav Campaign: নলবাৰীত আয়ুক্ত বৰ্ণালী ডেকাৰ সংবাদমেল

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:17 PM IST

নলবাৰীত আয়ুষ্মান ভৱঃ সন্দৰ্ভত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ সংবাদমেল । স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ অভিযান হিচাপে আয়ুষ্মান ভৱঃৰ এক বিশেষ গুৰুত্ব আছে বুলি সংবাদমেলত উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে ।

DC Barnali Deka press conference in Nalbari
নলবাৰীত আয়ুক্ত বৰ্ণালী ডেকাৰ সংবাদমেল

নলবাৰীত আয়ুক্ত বৰ্ণালী ডেকাৰ সংবাদমেল

নলবাৰী,১৪ ছেপ্টেম্বৰ: ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ উদ্যোগত সমগ্ৰ দেশতে আয়ুষ্মান ভৱঃ নামেৰে এক বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে । ৰাষ্ট্ৰীয়ভাৱে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুজৰাটৰ পৰা বুধবাৰে অৰ্থাৎ ১৩ ছেপ্টেম্বৰ তাৰিখে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই সন্দৰ্ভত বৃহস্পতিবাৰে নলবাৰী জিলা আয়ু্ক্ত বৰ্ণালী ডেকাই সংবাদমেল সম্বোধন কৰি বিতংকৈ সংবাদ মাধ্যমৰ আগত দাঙি ধৰে ।

সংবাদ মাধ্যমৰ আগত আয়ুক্তগৰাকীয়ে কয় যে স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ অভিযান হিচাপে আয়ুষ্মান ভৱঃৰ এক বিশেষ গুৰুত্ব আছে । এই অভিযান মূলতঃ তিনিভাগত বিভক্ত হৈ আছে বুলি সদৰি কৰি আয়ুষ্মান, আপকে দুৱাৰ ৩.০, আয়ুষ্মান সভা আৰু আয়ুষ্মান মেলা । স্বাস্থ্য সেৱাক প্ৰণালীবদ্ধ প্ৰচেষ্টাৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা আয়ুষ্মান ভৱঃ পদক্ষপে প্ৰকৃতাৰ্থত ৰাইজৰ উপকাৰ সাধন কৰিব বুলি বিশ্বাসী জিলা আয়ুক্ত বৰ্ণালী ডেকা ।

প্ৰসূতি,শিশু আৰু প্ৰতিজন নাগৰিকৰ স্বাস্থ্যপূৰ্ণ ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এই অভিযান যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে । আয়ুষ্ম‍ান আপকে দুৱাৰ ৩.০ ৰ অধীনত ৰাইজৰ পদূলিত আয়ুষ্মান কাৰ্ড বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলিও আজিৰ সংবাদ মেলত সদৰী কৰে । ৰাইজে স্বাস্থ্য সন্বন্ধীয় সমস্যা থাকিলে স্বাস্থ্য কৰ্মীৰ আগত অৱগত কৰিবলৈ আহ্বান জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ ।

আয়ুষ্মান সভাৰ জৰিয়তে আভা আইডি(ABHA ID), অসংক্ৰমিত ৰোগ,যক্ষ্মা নিৰ্মূলকৰণ,আয়ুষ্মান কাৰ্ডকে প্ৰমূখ্য কৰি স্বাস্থ্য আৰু কল্যাণ সৰ্ম্পকীয় সকলো বিষয় বিতংভাৱে আলোচনা কৰা হ'ব বুলি আজি সংবাদমেলত সদৰী কৰে । ইপিনে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকসকলে এই আয়ুষ্মান মেলাত স্বাস্থ্য সেৱা আগবঢ়াব বুলিও জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে । আনহাতে জিলাখনৰ সকলো অঞ্চলৰ প্ৰতিজন ব্যক্তিক এই অভিযানে সামৰি ল'ব । বিশেষকৈ চৰ বা দুৰ্গম অঞ্চলৰ ক্ষেত্ৰত বিশেষ গুৰত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত বৰ্ণালী ডেকাই ।

লগতে পঢ়ক: Manikpur Protest:মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত পাঁচ শতাধিক ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.