ETV Bharat / state

মুকালমুৱাত চি পি আই এম ৰ প্ৰতিবাদ

author img

By

Published : Dec 18, 2020, 2:19 PM IST

cpim staged protest in mukalmua
মুকালমুৱাত চি পি আই এম ৰ প্ৰতিবাদ

আন্তৰ্জাতিক সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস উপলক্ষে মুকালমুৱাত চি পি আই এম ৰ প্ৰতিবাদ ৷ চি পি আই এম ৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ সংখ্যালঘু লোক সকলক সুৰক্ষা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷

নলবাৰী, 18 ডিচেম্বৰ: সমগ্ৰ দেশৰ লগতে মুকালমুৱাতো আন্তৰ্জাতিক সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস পালন ৷ সংখ্যালঘু সুৰক্ষা অধিকাৰ দিৱস উপলক্ষে সংখ্যালঘু লোকৰ সুৰক্ষাৰ দাবীৰে হাতে হাতে প্লেকাৰ্ড লৈ চি পি আই এম ৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

cpim staged protest in mukalmua
চি পি আই এম ৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবাদ

হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি লৈ মুকালমুৱাৰ মাজমজিয়াত এক সমদল উলিয়াই চি পি আই এমে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চি পি আই এমৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সদস্য সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সমালোচনা কৰি অভিযোগ কৰে যে, বৰ্তমানৰ চৰকাৰখনে সংখ্যালঘু লোকৰ অধিকাৰ খৰ্ব কৰিছে ৷

সংখ্যালঘু লোক সকলক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে প্ৰতিবাদকাৰী সকলে নতুন কৃষি আইন বাতিল কৰি কৃষকৰ অধিকাৰ ৰক্ষা কৰাৰো দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:জিঅ' ম'বাইল নেটৱৰ্কৰ বিৰুদ্ধে নলবাৰীত AJYCPৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.