ETV Bharat / state

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 2, 2020, 3:52 PM IST

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ বৃহস্পতিবাৰে নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল ৷ কংগ্ৰেছৰ যুৱ নেতা ৰাতুল পাটোৱাৰীৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ

নলবাৰী, 2 জুলাই : কৰণাতংকৰ মাজতে বৃহস্পতিবাৰে নলবাৰী কংগ্ৰেছে ৰূপায়ন কৰে প্ৰতিবাদী সমদল । কংগ্ৰেছৰ যুৱ নেতা ৰাতুল পাটোৱাৰীৰ নেতৃত্বত চামতাৰ পৰা পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ বাইক ৰেলীৰে বিভিন্ন শ্লোগান দি সাব্যস্ত কৰে প্ৰতিবাদ ।

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰ'ল কিনিবলৈ টকা নাই, মোদী চৰকাৰৰ দৰকাৰ নাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰক দাবী কৰে কংগ্ৰেছে ৷

লগতে পঢ়ক : আশ্ৰয় বিচাৰি হাহাকাৰ কাজিৰঙাৰ বন্যপ্ৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.