ETV Bharat / state

বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 2, 2021, 9:27 PM IST

ক্ৰমাত আকৰ্ষণীয় হৈ পৰিছে বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী যুঁজখন । এটাৰ পিছত এটা ৰাজনৈতিক দলে নিজ নিজ শক্তি প্ৰদৰ্শন কৰিছে তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হব লগা সমষ্টিটোত ।

bjp-rally-at-barkhetri
বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী, 2 এপ্ৰিল : ক্ৰমাত আকৰ্ষণীয় হৈ পৰিছে বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী যুঁজখন । এটাৰ পিছত এটা ৰাজনৈতিক দলে নিজ নিজ শক্তি প্ৰদৰ্শন কৰিছে তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হব লগা সমষ্টিটোত । হাই প্ৰফাইল ষ্টাৰ কেম্পেইনাৰ, বৃহৎ বৃহৎ ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলিছে বৰক্ষেত্ৰী সমষ্টিত । নলবাৰী জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি বৰক্ষেত্ৰীত এক বিশাল জনজাগৰণ ৰেলীলে নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিধায়ক নাৰায়ণ ডেকাই ।

বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

সমগ্ৰ বৰক্ষেত্ৰী সমষ্টিৰে গাঁৱে-ভূঁয়ে, চুবুৰিয়ে চুবুৰিয়ে এটা বিশাল ৰেলীৰে প্ৰচাৰ চলায় প্ৰাৰ্থী গৰাকীয়ে । বৰক্ষেত্ৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা সহস্ৰাধিক দুচকীয়া, চাৰিচকীয়া বাহনেৰে উলিয়ায় বিশাল সমদল । সমদলৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটৰ ব্যৱধানত জয়ী হ‘ব বুলি দাবী কৰে ৷ তদপৰি বৰক্ষেত্ৰীত ৰাহুল গান্ধীৰ প্ৰচাৰে বিজেপিত প্ৰভাৱ নেপেলাই বুলি মন্তব্য আগবঢ়ায় নাৰায়ণ ডেকাই ।

আনহাতে চেঙা সমষ্টিত বদৰুদ্দিন আজমলে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰাক তীব্ৰ গৰিহণা জনায় বৰক্ষেত্ৰীৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাই ৷

লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি : নিলম্বন 4 নিৰ্বাচনী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.