ETV Bharat / state

নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ জয় নিশ্চিত: দিলীপ শইকীয়া

author img

By

Published : Mar 23, 2021, 7:40 PM IST

এইবাৰ নিৰ্বাচনত জালুকবাৰীৰ পাচতে অসমৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়ন্ত মল্ল বৰুৱাই জয় লাভ কৰিব ৷ মঙলবাৰে নলবাৰীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷

bjp-election-meeting
নলবাৰীত বিজেপিৰ নিৰ্বাচনী সভা

নলবাৰী,23 মাৰ্চ: নলবাৰী জিলাৰ বালিকৰীয়াৰ বাসুদেৱ দেৱালয়ত মঙলবাৰে এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে বিজেপিয়ে ৷ নলবাৰী মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভাত উপস্থিত থাকে বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিজেপিৰ জ্যেষ্ঠ নেতা মনোজ বৰুৱাকে ধৰি কেইবাগৰাকীও দলীয় নেতা-কৰ্মী ৷

সভাত ভাষণ প্ৰসংগত সাংসদ দিলীপ শইকীয়াই কয় যে, ‘‘ধৰ্মীয় সংখ্যালঘু ভাই-ভনীয়ে এইবাৰ বিজেপিৰ মিত্ৰজোঁটক উন্নয়নৰ স্বাৰ্থত সমৰ্থন কৰিবলৈ গোপনে সিদ্ধান্ত লৈছে ৷ উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 47 খন আসন বিজেপিয়ে লাভ কৰাতো নিশ্চিত । তদুপৰি 2-3 আসনত তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব’’ ৷ ইয়াৰে 95 শতাংশ আসন বিজেপিয়ে দখল কৰিব বুলি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷

নলবাৰীত বিজেপিৰ নিৰ্বাচনী সভা

আনহাতে বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই কয় যে, ‘‘বিজেপিয়ে সকলো খিলঞ্জীয়া জন সাধাৰণৰ হকে কাম কৰি যোৱাৰ বাবেই সকলোৱে বিজেপিক পুনৰবাৰ আসনত বহুৱাবলৈ মন স্থিৰ কৰিছে’’ ৷

জালুকবাৰীৰ পাচতে অসমৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়ন্ত মল্ল বৰুৱাই জয়লাভ কৰিব বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই । বাসুদেৱ দেৱালয়ত মূৰ দোঁৱাই আশীৰ্বাদ লয় প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক : চাবুৱাত অজয় ফুকনৰ বিশাল বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.