BJP Executive Meeting: হাগ্ৰামাৰ লগত মিত্ৰতাৰ সম্পৰ্কত কেন্দ্ৰৰ সিদ্ধান্তই ৰাজ্যিক বিজেপিৰ সিদ্ধান্ত

author img

By

Published : Nov 19, 2022, 5:31 PM IST

Updated : Nov 19, 2022, 5:57 PM IST

BJP Executive Meeting

ৰাজনীতিৰ নামত ধৰ্মান্তৰকৰণ ভাল কথা নহয় । হাগ্ৰামাৰ(Hagrama Mahilary) লগত মিত্ৰতাৰ সিদ্ধান্ত কেন্দ্ৰই গ্ৰহণ কৰিলে ক’বলগীয়া একো নাই । নলবাৰীত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Assam BJP president)। ড৹ হীৰেন গোহাঁইৰ প্ৰতিটো ৰাজনৈতিক বক্তব্য অশুদ্ধ বুলি মন্তব্য কৰিলে সাংসদে ।

নলবাৰী, ১৯ নৱেম্বৰ : নলবাৰীত অনুস্থিত হ’ল ৰাজ্যিক বিজেপিৰ বিশেষ কাৰ্যনিৰ্বাহক বৈঠক (BJP executive meeting in Nalbari) । দুখনকৈ সভা অনুষ্ঠিত হ'ল নলবাৰীৰ বৰ আজাৰাৰ বাসন্তী খলাৰ সাংস্কৃতিক প্ৰকল্পত ।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হৈছে দুখনকৈ সভা । ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া আৰু কাৰ্যকৰী সদ্যসকলৰ মাজত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ পিছত ৰাজ্যিক নেতৃত্ব আৰু জিলা সভাপতিসকলৰ উপস্থিতিত আন এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় ।

এই সভাত উপস্থিত হৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই(Assam BJP president) হাগ্ৰামা মহিলাৰীৰ পত্ৰৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত কয় যে ৰাজনীতিৰ নামত ধৰ্মান্তৰকৰণ কৰা উচিত নহয় । এনেকুৱা হ’ব নালাগে । একেদৰে হাগ্ৰামাৰ লগত মিত্ৰতাৰ সম্পৰ্কত কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক বিজেপিৰ একো ক’বলগীয়া নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ভৱেশ কলিতাই ।

শনিবাৰৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ তথা সম্পাদক পল্লবলোচন দাস, সাংসদ তথা উপ-সভাপতি তপন গগৈ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াচ কুজুৰ, যুৱ মৰ্চাৰ সম্পাদক সিদ্ধাংকু অংকুশ বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন মন্ত্ৰী নৱ দলে, ৰেখাৰাণী দাস বড়ো, মুখপাত্ৰ সুভাষ দত্ত, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা আদিকে ধৰি বহুকেইজন ৰাজ্যিক পৰ্যায়ৰ নেতাই ।

বৈঠকত বিজেপিৰ জিলা সভাপতিসকলো উপস্থিত থাকে । সভাত আগন্তক লোকসভাৰ নিৰ্বাচন, লাচিত দিৱস আদিৰ সম্পৰ্কত আলোচনা কৰা হয় । আনহাতে কংগ্ৰেছক কটাক্ষ কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য- ‘‘কংগ্ৰেছক অসমবাসীয়ে গুৰুত্ব নিদিয়ে এতিয়া’’ । ভাৰত জোড়ো আন্দোলনৰ কোনো প্ৰভাৱ অসমত নপৰে বুলি উল্লেখ কৰি বিগত নিৰ্বাচনী ফলাফলেই ইয়াৰ প্ৰমাণ বুলি মন্তব্য কৰে ।

হাগ্ৰামাৰ লগত মিত্ৰতাৰ সম্পৰ্কত কেন্দ্ৰই সিদ্ধান্তই ৰাজ্যিক বিজেপিৰ সিদ্ধান্ত

আনহাতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ লোৱা বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেণ গোঁ‌হাইকো সমোলোচনা কৰে সাংসদ মাৰ্ঘেৰিটাই (Hiren Gohain at Bharat Jodo yatra)। বুদ্ধিজীৱিগৰাকীক কটাক্ষ কৰি মাৰ্ঘেৰিটাৰ মন্তব্য- ‘‘হীৰেন গোঁ‌হাই এজন শ্ৰদ্ধেয় ব্যক্তি ৷ তেওঁৰ পাণ্ডিত্যক আমি সন্মান কৰোঁ ৷ কিন্তু সেইবুলি তেওঁৰ ৰাজনৈতিক বক্তব্যক আমি মানি নলওঁ‌ । তেওঁ‌ৰ প্ৰতিটো ৰাজনৈতিক বক্তব্য সময়ে সময়ে অশুদ্ধ বুলি প্ৰমাণিত হৈ আহিছে’’।

লগতে পঢ়ক : Hagrama Mahilary news: হাগ্ৰামাক গা উঠাই ৰং চাইছে কোনে ?

Last Updated :Nov 19, 2022, 5:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.