Hagrama Mahilary news: হাগ্ৰামাক গা উঠাই ৰং চাইছে কোনে ?

author img

By

Published : Nov 18, 2022, 10:28 PM IST

Updated : Nov 22, 2022, 1:13 PM IST

Hagrama Mahilary news

অসহায় হাগ্ৰামাক চাকনৈয়াত পেলাই ৰং চাইছে কোনে? বন্ধ কোঠাৰ ভিতৰৰ এখন বিশেষ ব্যক্তিগত ফটো আৰু দেশৰ ভিভিআইপি ৩জন ব্যক্তিলৈ পঠিওৱা ফাইলত আবদ্ধ বিশেষ চিঠি ভাইৰেল কৰিলে কোনে ? নিশ্চয়কৈ হাগ্ৰামাক ভাল পাই কোনেও কৰা নাই এই কাম৷ ৰাজনীতিত সকলো সম্ভৱ হ’লেও; সঁচাকৈ জানো প্ৰমোদ বড়োক আঁতৰাই পুনৰ হাগ্ৰামাক বড়োভূমিৰ শাসনভাৰ দিব বিজেপি নেতৃত্বই? হাগ্ৰামাক পুনৰ মিত্ৰ কৰি ল’বনে মোডী-শ্বাহে(Hagrama Mahilary latest news)?

গুৱাহাটী,18 নৱেম্বৰ: একালৰ বৃন্দাবন একালত পৰে ছন ৷ এটা সময় আছিল দিল্লীৰ পৰা কোনো ৰাজনৈতিক দলৰ শীৰ্ষ নেতা অসমলৈ আহিলে অসমত তেতিয়াৰ প্ৰভাৱশালী নেতা হাগ্ৰামা মহিলাৰীক লগ পাবলৈ আগতীয়াকৈ যোগাযোগ কৰিছিল (Hagrama Mahilary in Assam Politics) ৷ কিন্তু এতিয়া হেৰোৱা ক্ষমতা উদ্ধাৰৰ সন্ধানত বিজেপি আৰু RSSৰ নেতাৰ সাক্ষাৎ বিচাৰি মাহ জুৰি দিল্লীত খাপ পাতিব লগা পৰিস্থিতি হৈছে হাগ্ৰামাৰ ৷ ৰাজনীতিৰ পাকচক্ৰত পৰি ক্ৰমাৎ চক্ৰবেহুত সোমাই আঁত হেৰুৱাইছে নেকি একালৰ প্ৰতাপী হাগ্ৰামা মহিলাৰীয়ে ?

হাগ্ৰামাই RSS নেতা ইন্দ্ৰেশ কুমাৰৰ শৰণাপন্ন হোৱা ফটো ভাইৰেল হোৱাৰ পিছত ক্ৰমাৎ বেছিকৈ দুৰ্বল দিশবোৰ মুকলি হৈ আহিছে (Hagrama Mahilary photo viral) ৷ এতিয়া স্বাভাৱিকতে প্ৰশ্ন হৈছে, ক্ষমতাৰ বাবেই নে আন কিবা কাৰণত বিজেপিৰে মিত্ৰতা বিচাৰি হাবাথুৰি খাব লগা হৈছে হাগ্ৰামা মহিলাৰীয়ে ! প্ৰথমেই বন্ধ কোঠাৰ ভিতৰত RSS নেতা ইন্দ্ৰেশ কুমাৰৰ ভৰিত চুই শৰণাপন্ন হোৱা এখন ফটো ৰাজহুৱা হ’ল ৷ বড়োভূমিৰ লগতে ৰাজ্যজুৰি একপ্ৰকাৰ আলোড়ন সৃষ্টি হ’ল লগে লগে (Hagrama Mahilary In RSS office) ৷

তাৰ পিছতেই ব্যাপক চৰ্চা হ’ল, বড়োভূমিত ৰাজনীতি সলনি হ’ব ৷ পুনৰ শাসনলৈ উভতি আহিব নেকি হাগ্ৰামা মহিলাৰী ৷ ক্ষমতাৰ বাবে বিজেপিত বিলীন হ’বলৈ সাজু হাগ্ৰামা ৷ UPPL ৰ প্ৰমোদ বড়োক দিল্লীলৈ পঠিয়াই পুনৰ বিটিচিৰ মূৰব্বী হ’ব নেকি হাগ্ৰামা ? ২৫ ডিচেম্বৰৰ ভিতৰত বিজেপি-বিপিএফৰ পুনৰ মিত্ৰতা হ’ব !

হাগ্ৰামাক গা উঠাই ৰং চাইছে কোনে ?

তাৰ সমান্তৰালভাৱে ৰাজহুৱা হৈ পৰিল বিজেপিৰে মিত্ৰতা বিচাৰি ক্ষমতা বিচাৰি হাগ্ৰামাই বিশেষ লোকলৈ প্ৰেৰণ কৰা তিনিখন গুৰুত্বপূৰ্ণ অনুৰোধ পত্ৰ ৷ প্ৰথমখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ দিয়া পত্ৰ ৷ দ্বিতীয়খন গৃহমন্ত্ৰী অমিত শ্বাহলৈ দিয়া পত্ৰ ৷ তৃতীয়খন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডালৈ দিয়া পত্ৰ ৷

লগতে পঢ়ক: Hagaram Mahilary's letter: বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ চিঠিত কি লিখিছিল হাগ্ৰামাই ?

এই পত্ৰকেইখন ৰাজহুৱা হৈ সৰ্বত্ৰ বিয়পি পৰা বিষয়টোৰ আঁৰৰ কথা কি, তাক লৈ ৰাজ্যৰ ৰাজনীতিত ৰাজনৈতিক চৰ্চা চলিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহলৈ দিয়া দুয়োখন পত্ৰৰ প্ৰতিটো পৃষ্ঠাতেই দেখা গৈছে বিজেপিৰে মিত্ৰতা কৰি হাগ্ৰামাৰ পুনৰ ক্ষমতালৈ অহাৰ বাবে ব্যাকুল ৰূপ৷ জে পি নাড্ডালৈ দিয়া পত্ৰতো দেখা গৈছে একেই অনুনয় ৷ কি আছিল এই তিনি পত্ৰত ?

মিত্ৰতা বিচাৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখা হাগ্ৰামাৰ পত্ৰ কেইখনৰ মূল বিষয় কেইটা হৈছে

  • ২০১৬ত আদৰ্শগত কাৰণত কংগ্ৰেছেৰে মিত্ৰতা ছেদ
  • মিত্ৰ হিচাপে NDAৰ লগত থকা কালৰ কাম-কাজৰ সবিশেষ
  • আকৌ বিজেপিৰ সৈতে NDAৰ সদস্য কৰি লোৱাৰ আহ্বান
  • অহা লোকসভা নিৰ্বাচনত বিজেপিক সহৃদয়তাৰে সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি
  • বিজেপিৰ বিৰুদ্ধে ক’তো লোকসভা নিৰ্বাচনত প্ৰাৰ্থী নিদিয়াৰো প্ৰতিশ্ৰুতি
  • হিমন্তবিশ্ব শৰ্মা চৰকাৰলৈ পত্ৰযোগে নিঃচৰ্ত সমৰ্থন হাগ্ৰামাৰ
  • ৰাজ্যৰ বিজেপি চৰকাৰৰ কেবিনেটত এজন বিপিএফ বিধায়কক মন্ত্ৰীত্ব দিয়াৰ বাবেও অনুৰোধ হাগ্ৰামাৰ৷
  • প্ৰমোদ বড়োৰ বিৰুদ্ধেও পত্ৰত জেপি নাড্ডাক একাধিক অভিযোগ হাগ্ৰামাৰ
  • বি টি আৰত প্ৰমোদ বড়োৱে ব্যাপক অনিয়ম চলোৱাৰ অভিযোগ
  • হিন্দুত্ববাদৰ ইচ্ছু উল্লেখ কৰি বিজেপিৰ মন গলোৱাৰ চেষ্টা
  • চাকৰিৰ প্ৰলোভনেৰে বহু বড়োলোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰো অভিযোগ

ইয়াৰ বিপৰীতে প্ৰমোদ বড়োৱে ক্ষমতালৈ অহাৰ পিছৰ পৰা প্ৰায়ে ঘোষণা কৰি আহিছে যে, প্ৰায় ১০০০ কোটি টকাৰ দুৰ্নীতি লিপ্ত হৈছিল বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী (Allegation against Hagrama Mahilary) ৷ সেয়ে, হাগ্ৰামা শীঘ্ৰেই জেললৈ যাব লাগিব ৷ অসহায় হাগ্ৰামাক চাকনৈয়াত পেলাই ৰং চাইছে কোনে ? কোঠাৰ ভিতৰৰ এখন বিশেষ ফটো আৰু তিনিখনকৈ দেশৰ ভিভিআইপি ব্যক্তিয়ে পঠিওৱা ফটো ? নিশ্চয়কৈ হাগ্ৰামাক ভাল পাই কোনেও কৰা নাই এই কাম ৷

ৰাজনীতিত সকলো সম্ভৱ হ’লেও; সঁচাকৈ জানো প্ৰমোদ বড়োক আঁতৰাই হাগ্ৰামাক পুনৰ বড়োভূমিৰ শাসনভাৰ দিব বিজেপি নেতৃত্বই ? হাগ্ৰামাক পুনৰ মিত্ৰ কৰি ল’বনে মোডী-শ্বাহে ? এই তিনি পত্ৰ আৰু ফটো ভাইৰেল হোৱালৈ চাই এটা কথা ক’ব পাৰি যে, হাগ্ৰামাক অস্থিৰ কৰি ৰং চাইছে কোনোবাই ৷

ৰাজনীতিত বৰণ সলনি হয় সঘনাই, সলনি হয় সমীকৰণ ৷ বৰ্তমানৰ সমীকৰণত এলাগী হৈ থকা বিপিএফক বিজেপিয়ে পুনৰ সংগ দিয়ে নে নিদিয়ে সেয়া সময়ে ক’ব ৷ কিন্তু সময়ৰ কি কুটিল পৰিহাস ! এসময়ত যি হাগ্ৰামাই ৰাজ্যত চৰকাৰ ভঙা পতাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সেইজন হাগ্ৰামাই এতিয়া বাহৰ পাতি খাপ পাতিব লগা হৈছে দিল্লীত কাৰোবাৰ সাক্ষাতৰ বাবে ৷ কোনোবাই বন্ধ কোঠাৰ ভিতৰৰ ব্যক্তিগত ফটো আৰু ভিভিআইপিৰ ফাইলত আবদ্ধ ন-পুৰণি চিঠি উলিয়াই ৰাজহুৱা কৰি অসহায় ৰূপ উদঙাই দিছে একালত যাৰ কথাই বিটিএডিত আইন স্বৰূপ আছিল সেইজন হাগ্ৰামাৰ ৷

লগতে পঢ়ক: BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

Last Updated :Nov 22, 2022, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.