SOP সন্দৰ্ভত সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jan 9, 2022, 10:39 PM IST

Updated : Jan 9, 2022, 10:46 PM IST

Angaraag Papon Mahanta in Nalbari
SOP সন্দৰ্ভত পাপনৰ প্ৰতিক্ৰিয়া ()

নলবাৰীত SOP সন্দৰ্ভত মন্তব্য কৰিলে অংগৰাগ পাপন মহন্তই (Papon on new covid SOP in Assam)? নতুন বছৰত কি নতুন পৰিকল্পনা কৰিছে পাপনে সেয়াও জনালে সংবাদ মাধ্যমক ৷

নলবাৰী, 9 জানুৱাৰী : চৰকাৰে প্ৰৱৰ্তন কৰা নতুন SOP সকলোকে মানি চলিবলৈ আহ্বান সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ ৷ তেওঁ কয় যে, ‘‘আৰু যাতে ক’ভিড পৰিস্থিতিত কাৰো ক্ষতি নহয় ৷ ইমান দিনে সকলোৱে নিয়ম মানি চলিছো, গতিকে আৰু কেইমাহমান সকলোৱে সজাগ-সচেতন হৈ থকাতো উচিত’’ ৷ ক’ভিড কালত বিশেষকৈ কলা-সংস্কৃতিয়ে বহু মাৰ খাইছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

দেওবাৰে গণশিল্পী খগেন মহন্তৰ স্মৃতিত ফ্ৰেণ্ডচৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সপ্তম বাৰ্ষিক সদৌ অসম ভিত্তিত খগেন মহন্তৰ গীতৰ প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় নলবাৰী নাট্যমন্দিৰ প্ৰাংগণত । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৭০ গৰাকী সৰু-বৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে উক্ত প্ৰতিযোগিতাত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে । প্ৰতিজন শিল্পীৰ কণ্ঠত নিগৰে গণশিল্পী খগেন মহন্তৰ অমিয়া গীতসমূহ ।

SOP সন্দৰ্ভত পাপনৰ প্ৰতিক্ৰিয়া

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত বিয়লি ভাগত উপস্থিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত (Angaraag Papon Mahanta in Nalbari) । কণ্ঠশিল্পীগৰাকীয়ে উপস্থিত হোৱাৰ পিছত উদ্যোক্তাসকলে তেওঁক সম্বৰ্ধনা জনায় । নতুন বছৰত কেইবাটাও নতুন পৰিকল্পনা থকা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে শিল্পীগৰাকীয়ে । লগতে পিতৃৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত তেওঁ বিভিন্ন কাম কৰিব বুলি সদৰি কৰে ৷

লগতে পঢ়ক : Unutilized COVID vaccine : এতিয়াও ৰাজ্যসমূহত মজুত আছে অব্যৱহৃত ১৭ কোটি ক'ভিড প্ৰতিষেধক

Last Updated :Jan 9, 2022, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.