AJYCP Protest in Nalbari: উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী যুৱ-ছাত্ৰ পৰিষদৰ

author img

By

Published : Jul 30, 2022, 4:54 PM IST

AJYCP Protest in Nalbari

পাঁচ বছৰতো সম্পূৰ্ণ নহ’ল নলবাৰীৰ উৰণীয়া সেঁতুৰ কাম ৷ 2017 চনতে আৰম্ভ কৰা সেঁতুখনৰ কাম আধাতে থমকি ৰোৱাত চূড়ান্ত অসুবিধাৰ সন্মুখীন হৈছে নলবাৰীবাসী ৷ ফলত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে (AJYCP Protest in Nalbari)৷

নলবাৰী, ৩০ জুলাই: নলবাৰীত পাঁচ বছৰে অসম্পূৰ্ণ হৈ থকা উৰণীয়া সেঁতুৰ(Flyover in Nalbari) কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্য্যসূচী । নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰি মন্দিৰৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই গণ বিক্ষোভ কাৰ্যসূচী ।

উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ

নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰৰ সমীপত নলবৰীয়া ৰাইজৰ সুবিধাৰ্থে ২০১৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়তেই উৰণীয়া সেঁতুৰ কাম আৰম্ভ হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ’ল সেঁতুখনৰ নিৰ্মাণকাৰ্য । যিখন সেঁতুৱে চাৰি বছৰে নলবাৰীৰ ৰাইজক জ্বলাকলা খুৱাই আহিছে যাতায়তৰ ক্ষেত্ৰত । উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়াকৈ চলি থকাৰ বাবে ৰাইজে দুৰ্ভোগ ভূগিবলগীয়াত পৰিছে ।

আনকি চহৰৰ মাজমজিয়াৰ পৰা উত্তৰ দিশে ৰাষ্ট্ৰীয় ঘাইপথলৈ যাবলৈও এক কিঃমিটাৰৰ ঠাইত ৩/৪ কিঃ মিটাৰ পথ ঘূৰাই পকাই যাবলগীয়া হোৱাত বিভিন্ন সময়ত ৰাইজ সঠিক সময়ত গন্তব্য স্থান গৈ নাপায় । উক্ত উৰণীয়া সেঁতুখন শীঘ্ৰে নিৰ্মাণৰ বাবে বহুতো দল-সংগঠন তথা ৰাইজে বিভাগীয় কতৃপক্ষক বিগত দিনসমূহত দাবী জনাই আহিছে যদিও সুফল লাভ কৰা নাই । সেয়েহে ৰাইজৰ সু-যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ(Nalbari Hari Mandir) সমীপত সমৱেত হৈ এক গণবিক্ষোভ কাৰ্যসূচী হাতত লয় (AJYCP Protest in Nalbari)।

গণ বিক্ষোভস্থলীৰ পৰা বিক্ষোভকাৰীসকলে লোকনিৰ্মাণ বিভাগ হাই-হাই, গৃহ বিভাগ হাই-হাই, উৰনীয়া সেঁতুৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰক আদি শ্ল’গানেৰে নলবাৰীৰ আকাশ বতাহ উত্তাল কৰি তোলে । লগতে অতি শীঘ্ৰে সেতুখনৰ বাকী অংশৰ কাম সম্পূৰ্ণ কৰি ৰইজক যাতায়তত সুবিধা কৰি দিবলৈ দাবী জনায় ।

লগতে পঢ়ক: Drinking Water Crisis: এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে পালবস্তিবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.