ETV Bharat / state

Miya Museum Controversy : মিঞা মিউজিয়াম প্ৰসংগত গ্ৰেপ্তাৰ হোৱা তিনি নেতাক কাৰাগাৰলৈ

author img

By

Published : Oct 28, 2022, 7:44 PM IST

Miya Museum Controversy
মিঞা মিউজিয়াম প্ৰসংগত গ্ৰেপ্তাৰ হোৱা তিনি নেতাক কাৰাগাৰলৈ নিক্ষেপ

অৱশেষত কাৰাগাৰৰ অন্ধ কুঠাৰীলৈ নিক্ষেপ কৰা হল মিঞা মিউজিয়াম প্ৰসংগত গ্ৰেপ্তাৰ হোৱা তিনি নেতাক । জেললৈ যাবৰ সময়ত মিঞা মিউজিয়ামৰ(Miya Museum) উদ্বোধক তনু ধাদুমীয়াই কৈ গ'ল আজান ফকীৰৰ দেশত আমি জিকিৰ কৰিব লাগিব । সংস্কৃতি গঢ়িব লাগিব । সি মিঞাই হওক, হিন্দুৱেই হওক বা মুছলমানেই হওক । আনহাতে ধৃত আব্দুল বাতেনৰ চিকিৎসক পুত্ৰই আৰক্ষীয়ে পিতৃক জেহাদীৰে সম্পৰ্কত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ই এক হাস্যকৰ বুলি মন্তব্য কৰে ।

নলবাৰী, ২৮ অক্টোবৰ : কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল মিঞা মিউজিয়াম(Miya Museum) স্থাপনৰ লগত জড়িত তিনি নেতাক । মিঞা মিউজিয়াম স্থাপন কৰি অসম আৰক্ষীৰ ৰোষত পৰা তিনি নেতা মহৰ আলী, আব্দুল বাতেন আৰু তনু ধাদুমীয়াৰ বিৰুদ্ধে আৰোপ কৰা হ'ল ৰাষ্ট্ৰদ্ৰোহৰ কেবাটাও ধাৰা ।

মিঞা মিউজিয়াম প্ৰসংগত গ্ৰেপ্তাৰ হোৱা তিনি নেতাক কাৰাগাৰলৈ নিক্ষেপ

উল্লেখ্য যে, গোৱালপাৰাৰ লক্ষীপুৰত অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলী আৰু উপ-সভাপতি আব্দুল বাতেনৰ নেতৃত্বত স্থাপন কৰা হৈছিল মিঞা মিউজিয়াম । এই মিঞা মিউজিয়াম উদ্বোধন কৰিছিল ডিব্ৰুগড়ৰ তনু ধাদুমীয়াই । মিঞা মিউজিয়াম স্থাপনৰ পিছতে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে তিনিওঁ‌কে আটক কৰিছিল আৰক্ষীয়ে । আটক হোৱাৰ পিছতে ইতিপূৰ্বে ঘগ্ৰাপাৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ১৬৩/২২ ৰ ভিত্তিত তিনিওকে লৈ অহা হৈছিল নলবাৰীলৈ ।

নলবাৰীত কিছুদিন পূৰ্বে ধৃত তিনি জেহাদীৰে যোগসূত্ৰ থকা বুলি দাবী কৰি এই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল নলবাৰী আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰাৰ পিছতে আদালতে তিনিওকে এদিনৰ বাবে পঠিয়াইছিল আৰক্ষীৰ জিন্মালৈ । আজি জিন্মাৰ ম্যাদ উকলাৰ পিছতে তিনিওকে পুনৰ আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে তিনিওকে (Accused Of Miya Museum Sent To Jail)।

আনহাতে ধৃত আব্দুল বাতেনৰ চিকিৎসক পুত্ৰই পিতৃৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত চিকিৎসক পুত্ৰই কয় যে অসম আৰক্ষীয়ে জেহাদীৰে জড়িত বুলি দিয়া অভিযোগ হাস্যকৰ (Jihadi in Assam)। শিক্ষকতা কৰা পিতৃয়ে সমান্তৰালকৈ সামাজিক কামৰ লগতো জড়িত বুলি দাবী কৰে পুত্ৰই ।

লগতে পঢ়ক : Protest against NHPC: NHPC বন্ধ কৰাৰ দাবীত ধেমাজিত AJYCPৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.