এন এইচ পি চি বন্ধৰ দাবীত নলবাৰীত আছুৰ প্ৰতিবাদ

author img

By

Published : Sep 30, 2022, 8:29 PM IST

AASU protest against Subansiri lower dam in Nalbari

আজি ৰাজ্যজুৰি আছুৱে এন এই পি চিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest against Subansiri lower dam)। নলবাৰীতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থাই এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যষ্ট কৰে (Lower Subansiri hydropower project) ।

নলবাৰী,৩০ চেপ্তেম্বৰ: পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৰ্বসাধাৰণৰ মাজত সৃষ্টি কৰিছে ভয়-আশংকাৰ ৷ ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন দল-সংগঠনে প্ৰকল্পটো বন্ধ কৰাৰ দাবীত সোচ্চাৰ হোৱা পৰিলক্ষিত হৈছে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে (Protest against Subansiri lower dam)। ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ বিৰোধিতাৰে আজি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি ৰাজ্যজুৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (AASU protest against Subansiri lower dam)৷ নলবাৰীতো জিলা ছাত্ৰ সন্থাই NHPC ৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যষ্ট কৰে (Lower Subansiri hydropower project) ।

যিকোনো মূল্যৰ বিনিময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে । অসমক কেতিয়াও ধ্বংস কৰিবলৈ দিয়া নহ'ব । অসমক ধ্বংস কৰা কোনো কাৰ্যই আছুৱে হ'বলৈ নিদিয়ে বুলি সংগঠনটোৱে জানিবলৈ দিয়ে ৷

এন এইচ পি চি বন্ধৰ দাবীত নলবাৰীত আছুৰ প্ৰতিবাদ

সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সকলো ধৰণৰ কাম-কাজ বন্ধ কৰাৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিয়াৰ দাবী জনায় । অসমৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনকো আওকাণ কৰি চৰকাৰে ময়মতালিৰে বান্ধ নিৰ্মাণ কৰা কাৰ্য অব্যাহত ৰখাৰ ফলত নিৰ্মীয়মান অৱস্থাতে খহি যোৱাৰ অভিযোগ আনে আছুৱে (Demand to stop construction of dam) ।

কমিটিৰ প্ৰতিবেদনক আওকাণ কৰি নিৰ্মাণ কৰি থকা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নামনিৰ জনসাধাৰণলৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰিছে আছুৱে ৷

আজি নলবাৰী জিলা ছাত্ৰ সন্থাই NHPC হুচিয়াৰ , জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰক আদি শ্লোগানেৰে চহৰখনৰ পি এন চি পথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৱে (Assam CM Himanta Biswa Sarma) । ক্ৰমাৎ বিপজ্জনক হৈ উঠা প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য শীঘ্ৰে বন্ধ নকৰিলে অনাগত দিনত তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: জাৱৰ-বোকা লাগিহে নদীবান্ধৰ টানেলৰ ওপৰেদি পানী বৈছিল : প্ৰদান বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.