জাৱৰ-বোকা লাগিহে নদীবান্ধৰ টানেলৰ ওপৰেদি পানী বৈছিল : প্ৰদান বৰুৱা

By

Published : Sep 30, 2022, 5:25 PM IST

thumbnail

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ অসমত ভুলকৈ ব্যাখ্যা চলিছে । অসমৰ জনতাক সুৰক্ষিত ৰাখিহে এই বান্ধৰ কাম হৈ আছে । বৰ্তমানলৈ NHPCত বান্ধ নিৰ্মাণ কৰা হোৱা নাই(Lower Subansiri Hydroelectric Power Project) । এই মন্তব্য লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ(MP Pradan Baruah at Majuli) ৷ শুকুৰবাৰে মাজুলীত উপস্থিত হৈ লক্ষীমপুৰৰ সাংসদগৰাকীয়ে নামনি সোৱণশিৰি নদীবান্ধৰ ২ নং টানেলৰ ওপৰেদি পানী বৈ যোৱা ঘটনা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে, জাৱৰ-বোকা লাগিহে নদীবান্ধৰ টানেলৰ ওপৰেদি পানী বৈছিল(Landslide at Subansiri hydroelectric project site) । নদীবান্ধৰ কাম সম্পূৰ্ণ হৈ বিদ্যুৎ উৎপাদন হ’লে এনে পৰিস্থিতি নহয় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে । তেওঁ অসমৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন সন্দৰ্ভতো অজ্ঞতা প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.