ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আছুৰ প্ৰতিবাদ

author img

By

Published : Apr 3, 2021, 4:02 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ ৷ নলবাৰীতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আছুকৰ্মীসকলে শনিবাৰে পালন কৰে পদযাত্ৰা শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৷

aasu protest against price hike at nalbari assam etv bharat news
নলবাৰী আছুৰ প্ৰতিবাদ

নলবাৰী,3 এপ্ৰিল: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শনিবাৰে ৰাজ্যজুৰি পালন কৰা হয় আছুৰ পদযাত্ৰা ৷ নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সমান্তৰালকৈ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক ৷ খোদ চৰকাৰেও কৰিব পৰা নাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীতো পালন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ নলবাৰীৰ মাজমজিয়াৰ শ্বহীদ ভৱনৰ বাকৰিৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাই সামৰি লয় চহৰখনৰ কেইবাটাও অঞ্চলক ৷

নলবাৰী আছুৰ প্ৰতিবাদ

উল্লেখ্য যে,প্ৰতিবাদী কাৰ্যসূচী পদযাত্ৰাত অংশগ্ৰহণ কৰি জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠকে সদৰী কৰে যে, হেলিকপ্তাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই চৰকাৰে লক্ষাধিক ধন ব্যয় কৰিছে ৷ কিন্তু সামগ্ৰীৰ বৰ্ধিত মূল্য সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ তাৰে প্ৰতিবাদতে আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা জানিবলৈ জিলা আছুৰ সভাপতি গৰাকীয়ে ৷ এই কাৰ্যসূচীত জিলাখনৰ শতাধিক আছু কৰ্মী উপস্থিত থাকে ৷

লগতে চাওকঃ কুইপ’ৰ অপহৃত বিষয়াক মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.