ETV Bharat / state

3 drugs smuggler detained: মুকালমুৱাত ড্ৰাগছসহ তিনি সৰবৰাহকাৰী আটক

author img

By

Published : Nov 5, 2022, 8:57 PM IST

আৰক্ষীৰ চকুত ধুলি ছটিয়াই প্ৰতিদিনে সৰবৰাহকাৰীয়ে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ চলাই আছে ৷ শনিবাৰে দিন দুপৰতে নলবাৰী জিলাৰ মুকালমুৱাত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (3 drugs smuggler detained)৷

3  Drugs paddler detain in Nalbari
3 drugs smuggler detained: মুকালমুৱাত ড্ৰাগছসহ তিনি সৰবৰাহকাৰী আটক

নলবাৰী, 5 নৱেম্বৰ: ৰাজ্যত ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰতিদিনে অভিযান অব্যাহত ৰখাৰ পিছতো গা ল’ৰা নাই একাংশ অপৰাধীৰ ৷ আৰক্ষীৰ চকুত ধুলি ছটিয়াই প্ৰতিদিনে সৰবৰাহকাৰীয়ে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ চলাই আছে ৷ শনিবাৰে দিন দুপৰতে ৰাজ্যৰ নলবাৰী জিলাৰ মুকালমুৱাত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (3 drugs smuggler detained)৷

মুকালমুৱাত ড্ৰাগছসহ তিনি সৰবৰাহকাৰী আটক

এক গোপন সূত্ৰৰ পম খেদি আদাবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰণী দাসৰ নেতৃত্বত ঘোগাত এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এখন নম্বৰ প্লেটবিহীন স্কুটী, তিনিটাকৈ মোবাইল ফোনৰ লগতে নগদ তিনি হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় (Drugs paddler detain in Nalbari)।

ধৃত সৰবৰাহকাৰীকেইটা হৈছে জেহেৰুল হক, আটোৱাৰ হুছেইন, আব্দুৰ ৰহিম ৷ ইয়াৰে জেহেৰুল হকৰ ঘৰ লোহাৰকাঠাত, আটোৱাৰ হুছেইনৰ ঘৰ বালিকুছিত আৰু আব্দুৰ ৰহিমৰ ঘৰ ঘোগাত বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে স্থানীয় লোকে জনোৱা অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী কেইটাই দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আছিল ৷

ইফালে একেদিনাই কামৰূপ মেট্ৰ’ৰ সোণাপুৰৰ টোল গেটত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ আৰু সোণাপুৰ আৰক্ষীৰ নেতৃত্বত চলা অভিযানত প্ৰায় ১৫ কোটি টকাৰ য়াবা টেবলেট (Yaba tablets seized at Sonapur) জব্দ কৰা হৈছে ৷ লগতে আটক কৰা হৈছে মনিপুৰৰ থাম্বল গাঁৱৰ আজমল খান (৩০) নামৰ এজন লোক (Drugs paddler detain at Sonapur)৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা DL 7 CK 8778 নম্বৰৰ এখন i20 বাহনেৰে লৈ অনা হৈছিল ড্ৰাগছখিনি ৷ সোণাপুৰৰ টোলগেটত আৰক্ষীয়ে অভিযান চলাই বাহনখনৰ পৰা জব্দ কৰে ৬০ হাজাৰ য়াবা টেবলেট৷অধিক তথ্যৰ বাবে সোণাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: Yaba tablets seized at Sonapur: কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.