ETV Bharat / state

বিয়াৰ প্ৰলোভনেৰে মহিলাক অন্য ৰাজ্যত বিক্ৰীৰ প্ৰচেষ্টা

author img

By

Published : Jul 18, 2021, 12:14 PM IST

Women Suppliers at rupohihat
নাৰী সৰবৰাহ সন্দৰ্ভত উত্তপ্ত পৰিস্থিতি লতাবোৱাত

বিয়া দিয়াৰ প্ৰলোভনেৰে মহিলাক অন্য ৰাজ্যত বিক্ৰীৰ অভিযোগ ৷ এই অভিযোগ তৰিছে ৰূপহীহাটৰ লতাবোৱাবাসীয়ে ৷ কলিৰাম হীৰা নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে এই অভিযোগ তৰিছে লতাবোৱাবাসীয়ে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে কলিৰাম হীৰাক আটক কৰি চমজাই দিয়ে আৰক্ষীক ৷

ৰূপহীহাট, 18 জুলাই : ৰাজ্যত এতিয়াও নিঃশেষ হোৱা নাই নাৰী সৰৱৰাহকাৰী চক্ৰ ৷ বিভিন্ন সময়ত বিভিন্ন প্ৰলোভনেৰে ৰাজ্যৰ যুৱতীসকলক বহিঃৰাজ্যলৈ সৰৱৰাহ কৰা এটা দুষ্ট চক্ৰই চলাই আছে নাৰী সৰবৰাহৰ ৰমৰমীয়া বেহা ৷ এইবাৰ এই অভিযোগ তৰিছে ৰূপহীহাটৰ লতাবোৱাবাসীয়ে ৷ যাক কেন্দ্ৰ কৰি শনিবাৰে নিশা ৰূপহীহাটৰ লতাবোৱাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

অভিযোগ অনুসৰি, বিয়াৰ প্ৰলোভনেৰে লতাবোৱাৰ এগৰাকী যুৱতীক গুজৰাটলৈ নিয়াৰ চেষ্টা চলায় বহিঃৰাজ্যৰ এজন যুৱকে ৷ নাৰী সৰৱৰাহৰ লগত জড়িত থকা অভিযুক্ত গৰাকী কলিৰাম হীৰা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিবৰণী অনুসৰি, বদন দাধৰা নামৰ ব্যক্তিগৰাকীৰ অজ্ঞাতে তেওঁৰ ডাঙৰ জীয়েকক কলিৰাম হীৰা নামৰ ব্যক্তিগৰাকীয়ে গুজৰাটৰ এজন লোকৰ লগত বিয়া দিয়ে ৷ জোৱায়েক-জীয়েকে কলিৰাম হীৰা নামৰ ব্যক্তিগৰাকীৰ হোটেলত কাম কৰে বুলি জনায় বদন দাধৰাই ৷

নাৰী সৰবৰাহ সন্দৰ্ভত উত্তপ্ত পৰিস্থিতি লতাবোৱাত

বদন দাধৰাৰ জোৱায়েক-জীয়েকৰ আৰ্থিক অৱস্থা বেয়া ৷ তাৰেই সুযোগ লৈ কলিৰাম হীৰা নামৰ ব্যক্তিগৰাকীয়ে গুজৰাটৰ এজন লোকৰ লগত বিয়া দিয়ে বদন দাধৰাৰ জীয়েকক ৷

জানিব পৰা মতে, বদন দাধৰাৰ জীয়েকক বিভিন্ন ধৰণৰ প্ৰলোভন দি অভিভাৱকৰ অজ্ঞাতে বহিঃৰাজ্যৰ যুৱকৰ সৈতে মোটা অংকৰ ধনৰ বিনিময়ত বিয়া দিয়ে কলিৰাম হীৰাই ৷ অভিযোগ অনুসৰি, পূৰ্বেও ধৃত কলিৰামে ১২ গৰাকী মহিলাক বহিঃৰাজ্যৰ লোকৰ সৈতে বিয়া কৰাই দিছে ৷ এই অভিযোগ উত্তাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

শনিবাৰে স্থানীয় ৰাইজে বিভিন্ন প্ৰলোভনৰ টোপ দি কলিৰাম হীৰাক মাতি পঠিয়াই বদন দাধৰাৰ ঘৰলৈ ৷ শনিবাৰে নিশা বদন দাধৰাৰ ঘৰত কলিৰাম হীৰা উপস্থিত হোৱাত ৰাইজে কলিৰাম হীৰাক আটক কৰি গতাই দিয়ে আৰক্ষীক ৷ এই ঘটনাক কেন্দ্ৰ কৰি নিশাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ গাঁওবাসীৰ দাবী, এই ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰক আৰক্ষীয়ে ৷

লগতে পঢ়ক: যোৰহাবাসীৰ বাবে সকাহ: প্ৰথমবাৰলৈ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.