ETV Bharat / state

সন্ধান ওলাব নে আৰক্ষীৰ জোৱান ৰিতু বৰাৰ ?

author img

By

Published : Jun 26, 2021, 6:36 AM IST

Updated : Jun 26, 2021, 10:00 AM IST

when-abpn-cop-ritu-bora-will-back-to-home
সন্ধান ওলাব নে আৰক্ষীৰ জোৱান ৰিতু বৰাৰ ?

অতি ৰহস্যজনক ভাৱে যোৱা 4 জুন তাৰিখে কৰ্তব্যৰত অৱস্থাৰ পৰাই মাৰণাস্ত্ৰ সহ নিৰুদ্দেশ হৈছিল জলবিদ্যুৎ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ জোৱান ৰিতু বৰা ৷ জোৱানজন নিৰুদ্দেশ হোৱাৰ 23 দিন উকলি যোৱাৰ পাছতো তেখেতক সন্ধান নোলোৱাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

নগাঁও, 26 জুন : আজিও সন্ধান নাই বিগত 23 দিনে নিৰুদ্দেশ হৈ থকা 16 আই আৰ বি এন(16 IRBN)ৰ জোৱান ৰিতু বৰাৰ ৷ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্তব্যৰত অৱস্থাৰ পৰাই ৰসহ্যজনক ভাৱে নিৰুদ্দেশ হৈ পৰিছিল জোৱানজন ৷ দিন বাঢ়ি গৈ থকাৰ লগে লগে অধিক ৰহস্যঘন হৈ পৰিছে আৰক্ষী জোৱানজনৰ নিৰুদ্দেশৰ ঘটনা ৷ আৰক্ষী জোৱানজনৰ নিৰুদ্দেশক লৈ সম্প্ৰতি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷ জোৱানজন ঘূৰি অহালৈ আশাৰে বাট চাইছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, 16 আই আৰ বি এন(IRBN)ৰ জোৱান ৰিতু বৰাৰ ঘৰ যোৰহাটৰ মেলেংলহকৰত ৷ বটদ্ৰৱাৰ দলংঘাটস্থিত এ পি বি এন(APBN)ৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত জোৱান ৰিতু বৰাক কেইদিনমান পূৰ্বে প্ৰেৰণ কৰা হৈছিল বৈঠালাংচুৰ আমটেঙলৈ ৷ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ মতেই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত নিজ কৰ্তব্য পালন কৰি আছিল ৰিতু বৰাই ৷ কিন্তু যোৱা 4 জুন তাৰিখে কৰ্তব্যৰত অৱস্থাৰ পৰাই মাৰণাস্ত্ৰ সহ নিৰুদ্দেশ হৈছিল জলবিদ্যুৎ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ জোৱান ৰিতু বৰা ৷

সন্ধান ওলাব নে আৰক্ষীৰ জোৱান ৰিতু বৰাৰ ?

অতি লক্ষ্যণীয়ভাৱে নিৰুদ্দেশ হোৱা তিনিদিন পিছত কৰ্তব্যস্থলীৰ কাষৰ পৰাই উদ্ধাৰ হয় ৰিতু বৰাৰ মাৰণাস্ত্ৰ আৰু কিছু সা-সামগ্ৰী ৷

ৰিতু বৰাৰ ৰহস্যজনক নিৰুদ্দেশক লৈ তেখেতৰ পৰিয়ালৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ দলংঘাটৰ ৰিতু বৰাৰ পত্নী দুলুমণি বৰাৰ পৰিয়ালত ৷ মাত্ৰ ছমাহ পূৰ্বে ৰিতুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল দলংঘাটৰ দুলুমণি বৰা ৷ ৰিতু বৰাৰ পত্নী দুলুমণি বৰাৰ পৰিয়ালত এতিয়া কেৱল কান্দোনৰ ৰোল ৷

লক্ষ্যণীয় ভাৱে বিগত প্ৰায় 23 দিনে কৰ্তব্যৰ মাজৰ পৰা এজন আৰক্ষী জোৱান নিৰুদ্দেশ হোৱাৰ পিছতো কোনো সন্ধান লাভ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক ঘটনা বুলি চৰ্চিত হৈছে ৷ এতিয়া দুলুমণিৰ ঘৰত কেৱল আশা আৰু অপেক্ষা ৷ কেতিয়া ঘৰলৈ আহিব ৰিতু বৰা?

লগতে পঢ়কঃ পুৰাতত্ত্ব বিভাগে পাহৰিলে দিহিঙীয়া ৰজাৰ মৈদামক

Last Updated :Jun 26, 2021, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.