ETV Bharat / state

মাঁকোৰ খিটখিটনিত সাৰ পাই উঠিছে চিলাবন্ধা

author img

By

Published : Apr 3, 2021, 3:26 PM IST

অসমত বহিৰাগত গামোচাৰ পয়োভৰৰ বিপৰীতে থলুৱা গামোচা উৎপাদনৰ প্ৰশংসনীয় পদক্ষেপ ৷ এই পদক্ষেপৰ অংশীদাৰ হৈ তাঁত বিপ্লৱৰ সৃষ্টি কৰাত ব্যস্ত কলিয়াবৰৰ ‘শিপিনী গাঁও’ খ্যাত নিজ চিলাবন্ধা ৷ নিৰ্বাচনৰ সমান্তৰালকৈ সকলো ব্যস্ত হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৷

Weaving Gamosa at Kaliabor nagaon initiative by all assam student union assam etv bharat news
চিলাবন্ধাত বিহুৰ প্ৰস্তুতি

কলিয়াবৰ,3 এপ্ৰিল: 6 এপ্ৰিলত অন্ত পৰিব ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে সম্পন্ন হৈ গৈছে দুটা পৰ্যায়ৰ নিৰ্বাচন ৷ ইভিএমত বন্দী হৈছে বহু প্ৰাৰ্থীৰ ভাগ্য ৷ নিৰ্বাচনী যুঁজৰ অন্ত পৰাৰ পিছতে পুনৰ ৰাজ্যবাসী ব্যস্ত হৈ পৰিব ৷ কিয়নো হিয়াৰ আমঠু ৰঙালী বিহুলৈ মাজত মাথো কেইটামানহে দিন বাকী ৷ ইতিমধ্যে সকলো ব্যস্ত হৈ পৰিছে বিহুটিক আদৰিবলৈ ৷ ব্যস্ততা বাঢ়িছে তাঁতত, মূৰ তুলিবলৈ আহৰি নাই শিপিনীসকলৰ ৷

বিগত বৰ্ষত কৰ’ণা সংক্ৰমণৰ বাবে ৰাজ্যবাসী বঞ্চিত হৈছিল হেঁপাহৰ ৰঙালী বিহু পালন কৰাৰ পৰা ৷ কিন্তু এইবাৰ পূৰ্ণ প্ৰস্তুতিৰে বিহুটিক আদৰিবলৈ দুগুণে ব্যস্ত হৈ পৰিছে সকলো ৷ হাতে বোৱা বিহুৱানখনি আপোনজনক যাঁচিবলৈয়ে এতিয়া তাঁতশালত ব্যস্ত সকলো ৷

চিলাবন্ধাত বিহুৰ প্ৰস্তুতি

2018 চনত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা শিপিনী গাঁও হিচাপে স্বীকৃত গাঁৱখনৰ নাম নিজ চিলাবন্ধা ৷ চিলাবন্ধাত এতিয়া কোনোৱে যদি তাঁতত ব্যস্ত, কোনোৱে আকৌ ব্যস্ত ফুল বচাত ৷ গাঁৱখনৰ প্ৰায় শতাধিক শিপিনীৰ কৰ্মব্যস্ততাই বাৰে বাৰে দোহাৰিছে বিহুলৈ আৰু বেচি দিন নাই ৷ 2018 চনৰে পৰা শিপিনীসকলে থলুৱা গামোচা উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু অভিনেত্ৰী চেতনা দাসে মুকলি কৰিছিল এই তাঁত বিপ্লৱ ৷

বিগত বছৰসমূহত এই গাঁৱৰ শিপিনীসকলে বহু পৰিমাণে থলুৱা গামোচাৰ চাহিদা পূৰণ কৰি আহিছে ৷ শিপিনীসকলক সহায় আগবঢ়াই আহিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷ এখন ঘৰ চম্ভালাৰ সমানে শিপিনীসকল এতিয়া ছাত্ৰ সন্থাই গ্ৰহণ কৰা থলুৱা গামোচা উৎপাদনৰ অভিন্ন অংশ হৈ পৰিছে ৷ শিপিনীসকলৰ সুবিধাৰ্থে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই সময়ে সময়ে যোগান ধৰি আহিছে সূতাকে ধৰি তাঁতশালত প্ৰয়োজনীয় অন্যান্য সা-সামগ্ৰী ৷

লগতে চাওকঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.