ETV Bharat / state

কলিয়াবৰত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Jul 19, 2021, 6:32 PM IST

two-robber-arrested-at-kaliabar-by-uluwoni-police
কলিয়াবৰত আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত

লক ডাউনৰ মাজতে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ ইয়াৰ মাজতে কলিয়াবৰত আৰক্ষীৰ জালত পৰিছে দুজন দুৰ্ধৰ্ষ ডকাইত ৷

কলিয়াবৰ, 19 জুলাই : ৰাজ্যত অব্যাহত থকা ভয়াৱহ ক'ভিড পৰিস্থিতি ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈছে একাংশ দুষ্ট চক্ৰ ৷ শেহতীয়াকৈ ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পোৱা বিভিন্ন অপৰাধজনিত ঘটনাই প্ৰমাণ কৰিছে এই কথা ৷ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে চুৰি-ডকাইতি, ধৰ্ষণকে ধৰি বিভিন্ন ধৰণৰ ঘটনা ৷ ইয়াৰ মাজতে কলিয়াবৰৰ উলুৱনী আৰক্ষী আৰু চুলুং তহলদাৰী আৰক্ষীৰ জালত পৰিছে দুই দুৰ্ধৰ্ষ ডকাইত ৷

উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত দেওবাৰে দুপৰীয়া দুই ডকাইতক আটক কৰে আৰক্ষীয়ে ৷ নলতলীৰ আমবাগান ৰোডৰ পৰা আৰক্ষীয়ে আটক কৰে ধৃত ডকাইত দুজনক ৷ আটক হোৱা ডকাইত দুটা চাৰিদুৱাৰৰ ৰেকিবুল ইছলাম আৰু হাফিজুৰ ৰহমান বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষী দেখি পলাবলৈ চেষ্টা কৰোতেই বাগৰি পৰি ভৰিত কিছু আঘাতপ্ৰাপ্ত হয় ৰেকিবুল ইছলাম ৷

কলিয়াবৰত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

আৰক্ষীয়ে জনোৱা অনুসৰি, এক ডকাইতি কাণ্ডৰ সন্দৰ্ভত উলুৱনী আৰক্ষী চকীত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত আটক কৰা হৈছে এই দুই ডকাইতক ৷ ঘটনাত জড়িত থকা আন এজন ডকাইতক ইতিমধ্যেই আটক কৰা হৈছে ৷ দেওবাৰে আটক হোৱা ডকাইত দুটা পলাতক অৱস্থাত আছিল ৷

ধৃত ডকাইত দুটাৰ পৰা এখন নম্বৰপ্লেটবিহীন বাইক জব্দ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান আটকাধীন দুই ডকাইতক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ধৃত ডকাইত দুটা বিভিন্ন ডকাইতি তথা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি শেহতীয়াকৈ একাংশ দুষ্ট প্ৰবৃত্তিৰ লোকে নিতৌ সংঘটিত কৰিছে চুৰি-ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা ৷ আৰক্ষী প্ৰশাসন প্ৰতিটো মুহুৰ্ততে সষ্টম হৈ থকাৰ মাজতে এইসকল লোকে সংঘটিত কৰিছে অপৰাধজনিত ঘটনা ৷ আৰক্ষীলৈ যেন কোনো ভ্ৰূক্ষেপ নকৰে এইসকল অপৰাধীয়ে ৷

লগতে পঢ়কঃ সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ চাবুৱাত দল সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.